ETV Bharat / state

বৰপেটাৰোডৰ চৰকাৰী চিকিৎসালয়ত নৱজাতক সালসলনিৰ গুৰুতৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 10:47 PM IST

Tense Situation in Barpeta raod : চৰকাৰী চিকিৎসালয়ত নৱজাতক সালসলনি কৰাৰ অভিযোগ ৷ উত্তপ্ত পৰিস্থিতি ৷ চিকিৎসালয়তেই নৱজাতকক সালসলনি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰসূতি আৰু পৰিয়ালৰ লোকে ৷

Tense Situation in Barpeta raod
চিকিৎসালয়তেই নৱজাতকক সালসলনি কৰাৰ গুৰুতৰ অভিযোগ
নৱজাতক সালসলনিৰ গুৰুতৰ অভিযোগ

বৰপেটাৰোড, 31 জানুৱাৰী : বৰপেটাৰোডৰ চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ চিকিৎসালয়ত নৱজাতক সালসলনি কৰাৰ অভিযোগ ৷ ফলত চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বৰপেটাৰোড এফ আৰ ইউ আৰু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা ৷

জানিব পৰা মতে বৰপেটাৰোডৰ সমীপৰ দোমনীৰ এগৰাকী প্ৰসূতিক আশা কৰ্মীৰ তৎপৰতাত মঙলবাৰে প্ৰসৱজনিত কাৰণত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল ৷ প্ৰসূতি গৰাকীক ভৰ্তি কৰোৱাৰ কিছু সময়ৰ পাচতেই তেওঁ সন্তান প্ৰসৱ কৰে ৷ ইয়াৰ পাছতেই আশাকৰ্মী গৰাকীয়ে প্ৰসূতি গৰাকীৰ পৰিয়ালৰ লোকক পুত্ৰ সন্তান জন্ম হোৱা বুলি খবৰ দিয়ে ৷ তদুপৰি চিকিৎসালয়খনত কৰ্মৰত নাৰ্চেও মিঠাই খোৱাৰ নামত প্ৰসূতিগৰাকীৰ স্বামীৰ পৰা 1500 টকা লোৱা বুলিও অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ৷

কিন্তু তাৰ কিছুসময়ৰ পাচতে চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰসূতি গৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়া বুলি স্বামী তথা পৰিয়ালৰ লোকক অৱগত কৰে ৷ ফলত প্ৰসূতি গৰাকীৰ লগতে পৰিয়ালৰ লোক ক্ষোভিত হৈ পৰে ৷ পুত্ৰ সন্তানৰ ঠাইত কন্যা সন্তান জন্ম হোৱা বুলি, চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে চিকিৎসালয়তেই নৱজাতকক সালসলনি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰসূতি আৰু পৰিয়ালৰ লোকে ৷

এই ঘটনাক কেন্দ্ৰ কৰি আজি বৰপেটাৰোড এফ আৰ ইউ আৰু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইফালে এই ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো চিকিৎসালয়খনত কৰ্মৰত একাংশ নাৰ্চ-কৰ্মচাৰীয়ে অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে চিকিৎসালয় কৰ্তৃপক্ষই নৱজাতক সালসলনিৰ এই অভিযোগ পোনছাটেই নস্যাৎ কৰে ৷

লগতে পঢ়ক : মন্ত্ৰী বিমল বড়াৰ সমষ্টিত আঁচনি ৰূপায়ণত দুৰ্নীতি-অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.