ETV Bharat / state

মন্ত্ৰী বিমল বড়াৰ সমষ্টিত আঁচনি ৰূপায়ণত দুৰ্নীতি-অনিয়মৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 9:22 PM IST

Allegation of Corruption : চৰকাৰী আঁচনি ৰূপায়ণত ঠিকাদাৰে লুন্ঠন চলোৱাৰ অভিযোগ ৷ টিংখাঙৰ লেঙেৰীত জলজীৱন আঁ‌চনি ৰূপায়ণত নিম্নমানৰ কাম কৰাৰ অভিযোগ ৰাইজৰ ৷

Allegation of Corruption
আঁচনি ৰূপায়ণত ঠিকাদাৰে লুন্ঠন চলোৱাৰ অভিযোগ
চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ

মৰাণ, 31 জানুৱাৰী : মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছিল- ৰাজ্যত কোনেও চৰকাৰী আঁচনি ৰূপায়ণত অনিয়ম, দুৰ্নীতি সংঘটিত কৰিব নোৱাৰিব ৷ আঁচনি ৰূপায়ণৰ ধন আত্মসাৎ কৰা ঠিকাদাৰ, বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশক এতিয়াও গুৰুত্ব সহকাৰে লোৱা নাই একাংশ ঠিকাদাৰ আৰু বিষয়াই ৷ ফলত ভিন্ন সময়ত গ্ৰামাঞ্চলেই হওক বা নগৰাঞ্চল, ৰাইজে বিভিন্ন আঁচনি ৰূপায়ণত দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷

এইবাৰ মন্ত্ৰী বিমল বড়াৰ সমষ্টিত আঁচনি ৰূপায়ণত দুৰ্নীতি-অনিয়মৰ অভিযোগ ৷ চৰকাৰী আঁচনি ৰূপায়ণত সমষ্টিটোত ঠিকাদাৰে লুন্ঠন চলোৱাৰ অভিযোগ ৷ চৰকাৰৰ অভিলাষী আঁ‌চনি জলজীৱন মিছন এতিয়া একাংশ ঠিকাদাৰৰ বাবে হৈ পৰিছে ধন ঘটাৰ যন্ত্ৰ ৷ টিংখাঙৰ লেঙেৰীত তাৰেই এক ছবি পৰিস্ফুট হৈছে ৷

টিংখাং সমষ্টিৰ নাচনী গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘৰবন্দী বামুণ পুখুৰীত নিৰ্মাণ কাৰ্য চলি থকা জলজীৱন আঁ‌চনিত নিম্ন মানৰ কাম কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ মৰাণৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ কাৰ্যালয়ৰ অধীনত চলি থকা এই নিম্নমানৰ কামৰ অভিযোগ উঠাৰ লগে লগেই কাম এৰি পলায়ন কৰিছে ঠিকাদাৰ আৰু কৰ্মচাৰীয়ে ৷ ৰাইজৰ অভিযোগ অনুসৰি মাটিৰে ঘৰৰ বেৰ লিপাৰ দৰেই ঠিকাদাৰে কৰিছে পকীকৰণৰ কাম, হাতেৰে মোহাৰি দিলেই এৰি আহে পকা প্লাষ্টাৰ, ছটৰ মাজেৰে উৱলিছে পানী, ধৰোতেই এৰিছে ৰেলিং ৷

লগতে অভিযোগ অনুসৰি তিনি-চাৰিজন মানুহ ওপৰত উঠিলেই কম্পন সৃষ্টি হয় পকী শ্লেপত ৷ বৰ্তমান ৰাইজে বন্ধ কৰি দিছে সকলো কাম-কাজ ৷ ৰাইজে দাবী জনাইছে পুনৰ সুন্দৰভাৱে নিৰ্মাণ কৰক আঁ‌চনিৰ কাম ৷

লগতে পঢ়ক : আজিয়েই ৰাজ্যৰ আমোলা- বিষয়াসকলে দাখিল কৰিব লাগিব সম্পত্তিৰ হিচাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.