সোণাৰিত আয়োজন প্ৰয়াত শৰৎ বৰকটকীৰ স্মৃতিচাৰণ আৰু স্মাৰক গ্ৰন্থ উন্মোচন অনুষ্ঠান - গ্ৰন্থ উন্মোচন অনুষ্ঠান

🎬 Watch Now: Feature Video

thumbnail
গ্ৰন্থ উন্মোচন অনুষ্ঠান (undefined)

By ETV Bharat Assamese Team

Published : January 28, 2024 at 8:20 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 28 জানুৱাৰী : ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিক একেৰাহে পাঁচবাৰকৈ প্ৰতিনিধিত্ব কৰা বিশিষ্ট ৰাজনীতিবিদ তথা শিক্ষাবিদ, প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ বৰকটকীৰ স্মৃতিচাৰণ আৰু স্মাৰক গ্ৰন্থ উন্মোচন অনুষ্ঠানটো আজি অনুষ্ঠিত হয় । সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে ।

চৰাইদেউ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত স্মাৰক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা সাংবাদিক মনোজ গোস্বামীয়ে । ৰুণু সন্দিকৈ, নিবেদিতা ফুকন, অয়ন বৰকটকীৰ সম্পাদনাত সম্পাদিত 'স্নিগ্ধ শৰৎ' শীৰ্ষক স্মাৰক গ্ৰন্থখন উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীয়ে নিজৰ বক্তব্যত শৰৎ বৰকটকীৰ ৰাজনৈতিক জীৱন সন্দৰ্ভত আলোকপাত কৰে ।

উল্লেখ্য যে, ১৯৯১ চনৰ পৰা প্ৰায় ২৫ টা বছৰ সোণাৰি সমষ্টিৰ বিধায়কৰ আসন অলংকৃত কৰা প্ৰাক্তন শিক্ষামন্ত্ৰী, প্ৰাক্তন শিক্ষক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীয়ে ২০২৩ চনৰ ১৬ অক্টোবৰৰ পৰা GMCHত চিকিৎসাধীন হৈ থকা অৱস্থাতে ৮৮ বছৰ বয়সত নিশা শেষ নিশ্বাস ত্যাগ কৰিছিল ।

লগতে পঢ়ক : ডিব্ৰুগড়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলন