ETV Bharat / state

ডিব্ৰুগড়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলন

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 5:03 PM IST

8th Triennial Conference: আজিৰে পৰা ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলন ৷ এই সন্মিলনত অংশ ল'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

8th Triennial Conference
আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলন

ডিব্ৰুগড়, 28 জানুৱাৰী : ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলত আজি অৰ্থাৎ দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলন । সমগ্ৰ বিশ্বৰ প্ৰাচীন সংস্কৃতিসমূহ ৰক্ষাৰ উদ্দেশ্যে বিশ্বৰ ৩০ খনতকৈ অধিক দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ কৰে এই অনুষ্ঠানত ৷

দেওবাৰৰ পৰা পাঁচদিনীয়াকৈ ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ চৌহদত অনুষ্ঠিত হৈছে এই অনুষ্ঠান । বিশ্বৰ ভিন্ন দেশৰ কলা কৃষ্টি সভ্যতা উপস্থাপন হ'ব লগা এই অনুষ্ঠানৰ আৰম্ভণিৰ দিনটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ লগতে এই অনুষ্ঠানত উপস্তিত থাকে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত ।

বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ প্ৰথম দিনটোতে ৰাজ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সভ্যতা সংস্কৃতি সন্দৰ্ভত এক চমু অৱলোকন দাঙি ধৰে । অসমৰ জাতি জনগোষ্ঠীৰ স্বকীয়তাৰ বিষয়েও অৱগত কৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰতিনিধিসকলক ।

দেওবাৰে এই কাৰ্যসূচীৰ পূৰ্বে বিশ্বৰ ৩০ খনতকৈ অধিক দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে ডিব্ৰুগড়ৰ ৰাজপথত সাংস্কৃতিক সমদল বাহিৰ কৰা হয় । অসমৰ বিহু, গায়ন-বায়নৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশৰ লোক সংস্কৃতিৰ সমাহাৰ ঘটে এই অনুষ্ঠানত ।

দেওবাৰে পুৱাৰ ভাগতে বিশ্বৰ ভিন্ন জাতি জনগোষ্ঠীয় লোকৰ কলা কৃষ্টি সমাহাৰে ডিব্ৰুগড় চহৰত উলিওৱা এক বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱত ৷ লগতে এই সমদলত অংশ লয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শীর্ষ বিষয়ববীয়াসকলেও ৷

ইফালে ডিব্ৰুগড়ৰত অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলনক কেন্দ্ৰ কৰি উৎফুল্লিত হৈছে জিলাবাসী ৷

লগতে পঢ়ক : কংগ্ৰেছী আৰু প্ৰাক্তন ছাত্ৰ নেতাৰে বিজেপিৰ আজি বৃহৎ যোগদান সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.