তপন কুমাৰ গগৈৰ হৈ মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলালে সৰ্বানন্দ সোণোৱালে - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 5:25 PM IST

thumbnail

মাজুলী, 12 এপ্ৰিল : মাজুলীত নিৰ্বাচনী প্ৰচাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীত নিৰ্বাচনী প্ৰচাৰত অংশ লয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷  

মাজুলীৰ ফুলনীৰ এখন সভাত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱলে কয় যে, মাজুলীৰ ৰাইজে বিগত নিৰ্বাচনত তেওঁক যথেষ্ট মৰম দি আহিছে ৷ এইবাৰ তপন কুমাৰ গগৈক মৰম দি আগবঢ়াই লৈ যাবলৈ ৰাইজক আহ্বান জনায় তেওঁ ৷ ইফালে এই সভাতে কংগ্ৰেছ দলক সমালোচনা কৰে সৰ্বানন্দ সোণোৱালে ৷ তেওঁ কংগ্ৰেছ দলক কোনো কাৰণতে প্ৰশ্ৰয় নিদিব বুলি ৰাইজক উদ্দেশ্যি মন্তব্য কৰে ৷ লগতে কংগ্ৰেছ দলত এতিয়া নীতি আৰু নেতাৰ অভাব, কংগ্ৰেছ চৰকাৰে মাজুলীৰ ৰাইজক অধিক অবহেলা কৰিছিল বুলিও মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে ৷ 

লগতে পঢ়ক : একমাত্ৰ বিজেপিয়ে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে চিন্তা কৰে : অজন্তা নেওগ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.