মোদীতকৈ মোৰ জনপ্ৰিয়তা বেছি : দুলু আহমেদ - Lok sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 10:46 PM IST

thumbnail

নলবাৰী, ২৪ এপ্ৰিল : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই দিন-ৰাতি একাকাৰ কৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিদ্বন্দ্বীসকল । বুধবাৰে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে ।  প্ৰচাৰৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত দুলু আহমেদে কেতবোৰ বিস্ফোৰক মন্তব্য কৰে বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে ।

তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ মিটিঙৰ ভিডিঅ’ ১৫ লাখ মানুহে চোৱাৰ বিপৰীতে তেওঁৰ ৰেলীৰ ভিডিঅ’ ফেচবুকত ১৯ লাখ মানুহে চাইছে । মোদীতকৈ তেওঁৰ জনপ্ৰিয়তা বেছি ! এই কথাক লৈ তেওঁ গৌৰৱ কৰে ৷ 

বুধবাৰে নলবাৰীৰ মাধাপুৰ, চৰিয়াত নিৰ্বাচনী প্ৰচাৰ চলাই দুলু আহমেদে এক লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি সদম্ভ দাবী কৰে ৷ ইফালে ২৭ এপ্ৰিলত নলবাৰীলৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আহিব লগা কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট আখ্যা দিয়ে আহমেদে ৷ 

খাৰ্গেই ২০১২ চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব লাগে বুলি প্ৰতিবেদন দিছিল বুলি উল্লেখ কৰি আহমেদে কয় যে, খাৰ্গেই ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাটো নিবিচাৰে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: কালবুৰ্গীবাসীলৈ আৱেগিক আহ্বান মল্লিকাৰ্জুন খাৰ্গেৰ - Lok sabha election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.