ETV Bharat / bharat

কালবুৰ্গীবাসীলৈ আৱেগিক আহ্বান মল্লিকাৰ্জুন খাৰ্গেৰ - Lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 10:06 PM IST

Etv Lok sabha election 2024
কালবুৰ্গীবাসীলৈ আৱেগিক আহ্বান মল্লিকাৰ্জুন খাৰ্গেৰ

Lok sabha election 2024 : "মই যদি আপোনালোকৰ হকে কিবা কৰিছো বুলি ভাবে তেনেহ’লে অন্ততঃ আপোনালোকে মোৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব"- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ আকুল আহ্বান ৷

নেশ্যনেল ডেস্ক, 24 এপ্ৰিল : "আপোনালোকে কংগ্ৰেছক ভোট দিয়ক বা নিদিয়ক, কিন্তু আপোনালোকে যদি ভাবে মই কালবুৰ্গীৰ বাবে কাম কৰিছো, তেন্তে আপোনালোকে অন্ততঃ মোৰ অন্ত্যেষ্টিক্ৰিয়ালৈ আহিব । কেনেবাকৈ আপোনালোকে যদি এইবাৰ কংগ্ৰেছী প্ৰাৰ্থীক ভোট নিদিয়ে, তেতিয়াহ’লে মই ভাবিম যে মোৰ বাবে ইয়াত কোনোধৰণৰ স্থান নাই, মই আপোনালোকৰ অন্তৰ জয় কৰাত ব্যৰ্থ হ’লো ৷ বিজেপি আৰু আৰ এছ এছৰ আদৰ্শক 'পৰাজিত' কৰিবলৈ মই শেষ নিশ্বাসলৈকে ৰাজনীতিত থাকিম ।" কংগ্ৰেছ সভাপতি এম মল্লিকাৰ্জুন খাৰ্গেই বুধবাৰে তেওঁৰ গৃহ জিলা কালবুৰ্গীত এখন নিৰ্বাচনী সভাত অংশ লৈ ৰাইজলৈ এনেদৰে আৱেগিক আহ্বান জনায় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে খাৰ্গেই কয়, "মই ৰাজনীতিৰ বাবে জন্মগ্ৰহণ কৰিছো, মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰো বা নকৰো, মই এই দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা কৰিবলৈ শেষ নিশ্বাসলৈকে চেষ্টা কৰিম । মই ৰাজনীতিৰ পৰা অৱসৰ নলওঁ । মই বিজেপি আৰু আৰ এছ এছৰ আদৰ্শক পৰাস্ত কৰিবলৈ জন্মগ্ৰহণ কৰিছো, তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নহয় ।"

এই নিৰ্বাচনী সভাত খাৰ্গেৰ লগত উপস্থিত থকা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াক উদ্দেশ্যি কয়, "মই সিদ্ধাৰামায়াক বাৰে বাৰে কওঁ যে আপুনি মুখ্যমন্ত্ৰী বা বিধায়ক হিচাপে অৱসৰ ল'ব পাৰে, কিন্তু আপুনি বিজেপি আৰু আৰ এছ এছৰ আদৰ্শক পৰাস্ত নকৰালৈকে ৰাজনীতিৰ পৰা অৱসৰ ল'ব নোৱাৰে ।"

কংগ্ৰেছ নেতাগৰাকীয়ে 2009 আৰু 2014 চনত এই কালবুৰ্গীৰ আসনৰ পৰা নিৰ্বাচনত জয়ী হৈছিল ৷ কিন্তু 2019 চনত পৰাজয় হৈছিল খাৰ্গেৰ । শেহতীয়াকৈ খাৰ্গেৰ জোঁৱাই ৰাধাকৃষ্ণ দোদামণিক কালবুৰ্গী আসনৰ বাবে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷ বৰ্তমান বিজেপিৰ বৰ্তমানৰ সাংসদ উমেশ যাদৱে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

লগতে পঢ়ক: নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই লোকসভাৰ সাংসদ হ’ল বিজেপি প্ৰাৰ্থী মুকেশ দালাল - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.