ETV Bharat / bharat

নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই লোকসভাৰ সাংসদ হ’ল বিজেপি প্ৰাৰ্থী মুকেশ দালাল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 6:21 PM IST

লোকসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে এজন প্ৰাৰ্থী ৷ চুৰাট লোকসভা আসনৰ পৰা বিজেপি প্ৰাৰ্থী মুকেশ দালাল বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ৷

SURAT LOK SABHA SEAT
লোকসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত মুকেশ দলাল

নিউজ ডেস্ক, 21 এপ্ৰিল : দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ব্যস্ততাৰ মাজতেই গুজৰাটত প্ৰথমবাৰৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে এজন প্ৰাৰ্থী ৷ চুৰাট লোকসভা আসনৰ পৰা বিজেপি প্ৰাৰ্থী মুকেশ দলাল বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷ অন্তিম দিনটোত 9 জনৰ ভিতৰত 7 গৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে ৷ কেৱল বহুজন সমাজ পাৰ্টিৰ প্ৰাৰ্থী প্যাৰেলাল বাকী আছিল ৷ হঠাতে তেওঁ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন প্ৰত্যাহাৰ কৰে ৷ যাৰ বাবে মুকেশ দলাল এতিয়া চুৰাট লোকসভা আসনৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে ৷ মুকেশ দলালক বিজয়ীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছে নিৰ্বাচনী বিষয়াই ৷

চুৰাট : হাই ভল্টেজ উৎকন্ঠাৰ পিচত প্ৰথমবাৰৰ বাবে গুজৰাট লোকসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে কোনো প্ৰাৰ্থী ৷ চুৰাট লোকসভাৰ আসনৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বিজেপি প্ৰাৰ্থী মুকেশ দলাল ৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত 9 জনৰ ভিতৰত 8 গৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে ৷ যাৰ বাবে এতিয়া চুৰাট লোকসভাৰ আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় মুকেশ দলাল ৷ বিজয়ী হৈ মুকেশ দলাল প্ৰথমে বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলৰ ঘৰত উপস্থিত হৈ তেওঁক সাক্ষাৎ কৰে, পাটিলে মুকেশ দলালক শুভেচ্ছা জনায় ৷ এই সাক্ষাতৰ কেইবাখনো ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

যোৱা দুদিন ধৰি সমগ্ৰ দেশৰ চকু চুৰাট লোকসভা আসনৰ ওপৰত আছিল ৷ দেওবাৰে যেতিয়া কংগ্ৰেছ প্ৰাৰ্থী নীলেশ কুম্ভনীৰ মনোনয়ন বাতিল হৈছিল, সকলোৰে চকু মুঠ 4 জন প্ৰাৰ্থীৰ ওপৰত স্থিৰ হৈছিল ৷ যাৰ ভিতৰত আছিল আন দলৰ তিনিজন প্ৰাৰ্থী আৰু নিৰ্দলীয় এজন প্ৰাৰ্থী ৷ কিন্তু সোমবাৰে সাতজন প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰে, যাৰ ফলত বিজেপি প্ৰাৰ্থী মুকেশ দালাল আৰু বি এছ পি প্ৰাৰ্থী প্যাৰেলালৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা দেখা গৈছিল ৷ অৱশেষত প্যাৰেলালেও তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰাত মুকেশ দালালৰ সংসদলৈ যোৱাৰ পথ প্ৰশস্ত হৈ পৰে ৷

চুৰাট লোকসভা আসনত বিজেপিৰ বিনা প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচনৰ সামগ্ৰিক ঘটনা-

- 20 এপ্ৰিলৰ পুৱা 11 বজাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মুকেশ দলালৰ নিৰ্বাচনী এজেন্ট দীনেশ জোধানীয়ে আপত্তি দাখিল কৰে ৷ আপত্তি পত্ৰখনত কোৱা হৈছিল যে দুয়োজন কংগ্ৰেছ প্ৰাৰ্থীৰ সমৰ্থকৰ স্বাক্ষৰ নাই ৷

- 20 এপ্ৰিলৰ দিনৰ 1 বজাত জিলা নিৰ্বাচনী বিষয়াই কংগ্ৰেছ প্ৰাৰ্থী নীলেশ কুম্ভনীক স্পষ্টীকৰণৰ বাবে কাৰ্যালয়লৈ মাতে ৷

- 20 এপ্ৰিলৰ বিয়লি 3 বজাত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক 21 এপ্ৰিলৰ পুৱা 11 বজাত শুনানিৰ বাবে সময় দিয়া হৈছিল ৷

- 21 এপ্ৰিলৰ দিনৰ প্ৰায় 1.30 বজাত নিৰ্বাচন আয়োগে কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷

- 22 এপ্ৰিলত মনোনয়মন প্ৰত্যাহাৰৰ অন্তিম দিনা পুৱা 11 বজাৰ পৰা দুপৰীয়া 12 বজাৰ ভিতৰত বিজেপিৰ বাহিৰে আন আঠজন প্ৰাৰ্থীৰ ভিতৰত সাতজনে মনোনয়ন প্ৰত্যাহাৰ কৰে ৷

- 22 এপ্ৰিলৰ 11 বজাত প্যাৰেলালৰ ফোন চুইচ অফ হৈ যায়, বি এছ পি কৰ্মীসকলে তেওঁক বিচাৰি ওলায় যায় ৷

- 22 এপ্ৰিলৰ দুপৰীয়া 2 বজাত হঠাৎ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ প্যাৰেলালে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে ৷

লগতে পঢ়ক : লালুৰ বহুত ল'ৰা-ছোৱালী-নীতিশ কুমাৰ; ক্ষমা খোজাৰ দাবী আৰ জে ডিৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.