ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 8:59 PM IST

thumbnail

মৰাণ, ৩০ জানুৱাৰী: ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পাছতো জিলাখনত এই বৰবিহৰ সৰবৰাহ বন্ধ হোৱা নাই । জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত নিতৌ উদ্ধাৰ হৈ আছে ড্ৰাগছ । ইয়াৰ মাজতেই আজি ডিব্ৰুগড় আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে সফলতা অৰ্জন কৰে । ডিব্ৰুগড় নগৰ পৰিদৰ্শকৰ নেতৃত্বত চলা অভিযানত চহৰখনৰ উত্তৰ আমোলাপট্টিৰ জৰ্জ স্কুলৰ সমীপৰ ধোবাপট্টিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ।  

১৭৩ টা ড্ৰাগছৰ কন্টেইনাৰসহ গ্ৰেপ্তাৰ কৰে তিনিটা সৰবৰাহকাৰী । উদ্ধাৰ হৈছে ৪.৫৪ গ্ৰাম নিষিদ্ধ ড্ৰাগছ । সৰবৰাহকাৰী কেইটাৰ ঘৰ ডিব্ৰুগড় চহৰত । ধৃত সৰবৰাহকাৰী তিনিটা হৈছে উত্তৰ আমোলাপট্টিৰ সূৰ্যৱন সিং (২০), কালিবাৰীৰ নিশিল সুত্ৰধৰ (২২), পাথানপট্টিৰ আকাশ সিং (২০)।  

লগতে পঢ়ক:কাইলৈ গ্ৰেপ্তাৰ হ’ব নেকি ভূপেন বৰা ? ১১ বজাত হাজিৰ হ’ব লাগিব যোৰহাট থানাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.