ETV Bharat / state

আজি গ্ৰেপ্তাৰ হ’ব নেকি ভূপেন বৰা ? ১১ বজাত হাজিৰ হ’ব লাগিব যোৰহাট থানাত

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 7:21 PM IST

Updated : Jan 31, 2024, 9:13 AM IST

Case against Bhupen Bora: যোৰহাট থানাত বুধবাৰে হাজিৰ হ'ব লাগিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত আইন উলংঘা কৰাৰ অভিযোগত ভূপেন বৰাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ । এটা-দুটা নহয় আঠটাকৈ ধাৰাত গোচৰ ৰুজু হৈছে ভূপেন বৰাৰ বিৰুদ্ধে ।

apcc president bhupen bora
Case against Bhupen Bora
মীৰা বৰঠাকুৰৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ৩০ জানুৱাৰী: বুধবাৰে গ্ৰেপ্তাৰ হ’ব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ? যোৰহাট আৰক্ষী থানাই ধাৰা ৪১ (ক) Cr.PC ৰ অধীনত জাননী কৰি ৩১ জানুৱাৰীৰ দিনা হাজিৰ হ’বলৈ জনাইছিল ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যোৰহাটত আইন ভংগ কৰা প্ৰসংগত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰক্ষীয়ে ভূপেন বৰালৈ যোৱা ২৪ জানুৱাৰীত চমন জাৰি কৰিছিল ৷

বুধবাৰে দিনৰ ১১ বজাত যোৰহাট থানাত হাজিৰ হ’বলৈ ভূপেন বৰাক নিৰ্দেশ দিছে আৰক্ষীয়ে । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসম এৰি পশ্চিমবংগত প্ৰৱেশ কৰাৰ দিনাই যোৰহাট থানাত ৰুজু হোৱা গোচৰ নং- 20/2024 ৰ অধীনত IPC 120(B), 115(II), 143,147, 188, 283, 323, 353 আৰু PDPP আইনৰ অধীনত ভূপেন বৰালৈ চমন দিয়ে আৰক্ষীয়ে । এই অনুসৰি যোৰহাটত উপস্থিত হ’ব লাগিব ভূপেন বৰা । কিন্তু আৰক্ষীৰ চমন অনুসৰি থানাত হাজিৰ হ’লেও কোনো কাৰণতে আগতীয়াকৈ জামিন নলয় ভূপেন বৰাই ৷ ইটিভি ভাৰতৰে হোৱা কথা-বতৰাত এই কথা উল্লেখ কৰে ভূপেন বৰাই ৷

নিজৰ অধিবক্তাৰ পৰামৰ্শ অনুসৰি সিদ্ধান্ত ল’ব যদিও কোনো কাৰণতেই তেওঁ জামিন নলয় বুলি স্পষ্ট কৰি দিয়ে ৷ সভাপতি ভূপেন বৰাৰ এই মন্তব্যৰ পিচতেই এপিচিচিৰ তৰফৰ পৰা এক দলীয় পত্ৰ যোগে নেতৃবৃন্দক জনায় যে কাইলৈ ভূপেন বৰা যোৰহাট থানাত দুপৰীয়া ১১ বজাত সোঁশৰীৰে হাজিৰ হ'ব । আগতীয়াকৈ জামিন লৈ চৰকাৰৰ ওচৰত নতশিৰ নকৰে তেওঁ ৷ এপিচিচিয়ে দলীয় নেতা-কৰ্মীলৈ আহ্বান জনাইছে যে যোৰহাট আৰক্ষীয়ে জামিনবিহীন ২ টা ধাৰাকে ধৰি সৰ্বমুঠ ৮ টা ধাৰাত গোচৰ ৰুজু কৰি ৩১ জানুৱাৰী, ২০২৪ দুপৰীয়া ১১ বজাত যোৰহাট থানাত হাজিৰ হ'বলৈ জাননী দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ভূপেন কুমাৰ বৰাক ।

Case against Bhupen Bora
প্ৰদেশ কংগ্ৰেছৰ পত্ৰ

ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে আগতীয়াকৈ জামিন লৈ ভ্ৰষ্টাচাৰী চৰকাৰৰ ওচৰত নতশিৰ নকৰে বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে । সেয়েহে আইনৰ নিৰ্দেশ মৰ্মে বুধবাৰে দুপৰীয়া ১১ বজাত সভাপতি গৰাকী সোঁশৰীৰে হাজিৰ হ'ব ।

পত্ৰখনত দলীয় কৰ্মীলৈ আহ্বান জনাই কোৱা হৈছে, ‘‘চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰৰ বাবে যদিহে কাৰাৰুদ্ধ হ'বলগীয়া হয় তেনেস্থলত প্ৰতিগৰাকী দলৰ নেতা কর্মীকে নিষ্ঠা সততা, অহিংসা আৰু গণতান্ত্ৰিক প্ৰমূল্য ৰক্ষা কৰি লোকসভা নিৰ্বাচনকেন্দ্ৰিক কাম-কাজত নেৰানেপেৰাকৈ লাগি থাকিব ৷’’

উল্লেখ্য যে কেৱল ভূপেন বৰাই নহয়, অসম আৰক্ষীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰা ৰাহুল গান্ধী, জয়ৰাম ৰমেশৰ পৰা আৰম্ভ কৰি দেৱব্ৰত শইকীয়ালৈকে ভালেসংখ্যক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা সদৰী কৰিছিল ৷ আনহাতে ৰাহুল গান্ধীৰ ৮ দিনীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাত গুৱাহাটীৰ খানাপাৰাত ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰতিবাদত বেৰিকেড ভাঙিছিল । অসম আৰক্ষীয়ে লাঠীচাৰ্জ কৰিছিল কংগ্ৰেছ কৰ্মীৰ ওপৰত ৷

গুৱাহাটীৰ উত্তপ্ত পৰিস্থিতিৰ পিচতেই গোচৰ তৰিবলৈ নিৰ্দেশ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে লোকসভা নিৰ্বিচনৰ পিছতে অসম আৰক্ষীয়ে প্ৰেপ্তাৰ কৰিব ৰাহুল গান্ধীক ৷ কাইলৈ ভূপেন বৰাই জামিন লয় নে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নে নকৰে সেয়া লক্ষণীয় হ’ব ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে । তেওঁ কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত পথ অলপ ইফাল-সিফাল কৰাৰ বাবে ভূপেন বৰাৰ বিৰুদ্ধে জামিন বিহীন ধাৰাকে ধৰি কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে । যাৰ বাবে ভূপেন বৰাক যোৰহাট থানালৈ তলব কৰা হৈছে । তেওঁ কয় যে ভূপেন বৰাই নিৰ্ভীকভাৱে নতশিৰ নকৰাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ ওচৰত আত্মসমৰ্পন নকৰাকৈ আপোচবিহীনভাৱে যোৰহাটলৈ ৰাওনা হৈছে । ভূপেন বৰাই কোনো অপৰাধ কৰা নাই আৰু যাৰ বাবে আপোচ কৰাৰো প্ৰশ্ন নাই ।

তেওঁ লগতে কয় যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সফল হোৱাৰ বাবেই হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ টোপনি হৰিল । যাৰ বাবেই এনেদৰে ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি থানালৈ তলব কৰিছে । মুখ্যমন্ত্ৰীক উদ্দেশ্যি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলি থকা বহুকেইটা বিয়াগোম ছিণ্ডিকেটৰ ক্ষেত্ৰত গৃহ বিভাগ অধীনত ৰুজু হোৱা গোচৰসমূহক গোচৰ হিচাপে গণ্য কৰা হোৱা নাই । চৰকাৰখনৰ পোটক তোলা ৰাজনীতিৰ বিৰুদ্ধে সকলোকে সজাগ-সচেতন হোৱাৰ বাবে তেওঁ আহ্বান জনায় ।

উল্লেখ্য যে ভূপেন বৰাৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগ উত্থাপন হৈছে । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যোৰহাটত ভুল দিশেৰে গতি কৰা হৈছিল । যাৰ ফলত যোৰহাটত সৃষ্টি হৈছিল যানজঁটৰ । বুধবাৰে ভূপেন বৰা হাজিৰ হ’ব লাগিব যোৰহাট আৰক্ষী থানাত । ৬০ দিনৰ বাবে ৰঙা ঘৰৰ আলহী হ’ব পাৰে কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰা ।

লগতে পঢ়ক: সংবাদ মাধ্যমৰ শিৰোনাম দখলৰ উদ্দেশ্যৰেই আজমলে কৰে বিতৰ্কিত মন্তব্য !

Last Updated : Jan 31, 2024, 9:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.