সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 10:42 PM IST

thumbnail

মৰিগাঁও, 27 জানুৱাৰী :  মৰিগাঁও মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী আৰু দ্বি-বাৰ্ষিক অধিৱেশন ৷ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিৱেশন ৷ পুৱাৰ ভাগত আদৰ্শ কৃষক প্ৰয়াত শিশুৰাম হাজৰিকা সমন্বয় ক্ষেত্ৰতৰ মূল দ্বাৰ উন্মোচন কৰে মৰিগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মাই  ৷ ইয়াৰ পিছতে প্ৰয়াত শিশুৰাম হাজৰিকা সমন্বয় ক্ষেত্ৰ উদ্ধোধন কৰে প্ৰমিলা হাজৰিকাই ৷

মহাৰজত জয়ন্তীৰ 74 খন পতাকা 74 গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰাৰ লগতে মূল পতাকা উত্তোলন কৰে বুদ্ধ কুমাৰ নাথে ৷ শ্বহীদ তৰ্পন কৰে গোলাপ হাজৰিকা আৰু আদৰণি সমিতিৰ সম্পাদক দিব্যজ্যোতি হাজৰিকাই ৷ উল্লেখ্য যে প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, এখন দেশৰ কৃষকসকলে উৎপাদন কৰিলেহে এখন দেশ উন্নত হ'ব ৷ কৃষকৰ উৎপাদিত খাদ্য-শস্যৰ জৰিয়তে দেশখন স্বাৱলম্বী হয় ৷

লগতে পঢ়ক : তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয় মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.