সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী - AAJAOA Celebrates 75 Years

🎬 Watch Now: Feature Video

thumbnail
সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 10:42 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও, 27 জানুৱাৰী :  মৰিগাঁও মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী আৰু দ্বি-বাৰ্ষিক অধিৱেশন ৷ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিৱেশন ৷ পুৱাৰ ভাগত আদৰ্শ কৃষক প্ৰয়াত শিশুৰাম হাজৰিকা সমন্বয় ক্ষেত্ৰতৰ মূল দ্বাৰ উন্মোচন কৰে মৰিগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মাই  ৷ ইয়াৰ পিছতে প্ৰয়াত শিশুৰাম হাজৰিকা সমন্বয় ক্ষেত্ৰ উদ্ধোধন কৰে প্ৰমিলা হাজৰিকাই ৷

মহাৰজত জয়ন্তীৰ 74 খন পতাকা 74 গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰাৰ লগতে মূল পতাকা উত্তোলন কৰে বুদ্ধ কুমাৰ নাথে ৷ শ্বহীদ তৰ্পন কৰে গোলাপ হাজৰিকা আৰু আদৰণি সমিতিৰ সম্পাদক দিব্যজ্যোতি হাজৰিকাই ৷ উল্লেখ্য যে প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, এখন দেশৰ কৃষকসকলে উৎপাদন কৰিলেহে এখন দেশ উন্নত হ'ব ৷ কৃষকৰ উৎপাদিত খাদ্য-শস্যৰ জৰিয়তে দেশখন স্বাৱলম্বী হয় ৷

লগতে পঢ়ক : তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয় মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details