ETV Bharat / state

তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয় মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 5:54 PM IST

assam cm inaugurates tezpur govt law college at chokihaat
তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয় উদ্বোধন

Tezpur Govt Law College: চকীঘাটত মুকলি হ’ল তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয় । গহপুৰত স্থাপন কৰা হ’ব কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় । তেজপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কি ক’লে শুনক-

তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয় উদ্বোধন

তেজপুৰ, ২৭ জানুৱাৰী : গহপুৰত নতুনকৈ স্থাপন কৰিবলগীয়া কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে এখন কমিটী গঠন কৰা হৈছে । নালন্দা বিশ্ববিদ্যালয়ৰ, জে এন ইউ ৰ উপাচাৰ্য আৰু গুৱাহাটীৰ আই আই টি উপাচাৰ্যক লৈ এই বিশেষ কমিটী গঠন কৰা হৈছে বুলি চকীঘাটত মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে উন্নত মানৰ শিক্ষা সংযোগ কৰি ইণ্ডাষ্ট্ৰী ফৰ ৰিভল্যুশ্যন অৰ্থাৎ চতুৰ্থ উদ্যোগ বিপ্লৱৰ উপযোগীতাৰে অসমীয়া যুৱক-যুৱতীৰ বাবে আৰ্টিফিচিয়েল ইন্টেলিজেন্সক ধৰি বিভিন্ন বিষয় সামৰি লোৱা হৈছে এই বিশ্ববিদ্যালয়ত । নতুন দিনৰ বিশ্ববিদ্যালয় গঠনৰ চিন্তা কৰি প্ৰযুক্তিৰ শীৰ্ষত উপস্থিত হ’বলগীয়া এই বিশ্ববিদ্যালয়ৰ বাবে এক বিশেষ দলে কাম কৰি আছে । আগন্তুক বিধানসভাত বিশ্ববিদ্যালয়ৰ আইন গৃহীত হ’ব আৰু মাটি নিৰ্ধাৰণৰ লগতে বাজেট ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকক জনায় ৷

আনহাতে চকীঘাটত ইণ্ডাষ্ট্ৰীয়েল ষ্টেট গঠন কৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ চকীঘাটত তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰে । জিলাখনত পূৰ্বতে কোনো চৰকাৰী আইন মহাবিদ্যালয় নথকা হেতুকে প্ৰথমবাৰৰ বাবে এই আইন মহাবিদ্যালয়খন স্থাপন কৰা হয় মুঠ ১৬ কোটি টকাৰ ব্যয় সাপেক্ষে ।

তেজপুৰ আৰু নদুৱাৰ সমষ্টিৰ সীমাত স্থাপন কৰা এই আইন মহাবিদ্যালয়খন তেজপুৰ আদালতৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত । এই অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লব লোচন দাস, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, স্থানীয় বিধায়ক পদ্ম হাজৰিকা, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বৰচলাৰ বিধায়ক গণেশ লিম্বু, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ উপস্থিত থাকে । আনহাতে কাইলৈ গুৱাহাটীত ৰাজনীতিৰ সৈতে জড়ি বহুকেইগৰাকী লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি মন্তব্য কৰে ড৹ শৰ্মাই ৷

লগতে পঢ়ক : ইণ্ডি মিত্ৰজোঁট গঠন প্ৰধানমন্ত্ৰীক ভয় খুৱাবলৈ কৰা অপচেষ্টাহে: পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.