মণিপুৰ চৰকাৰে ইষ্টাৰৰ বন্ধক কৰ্মদিন হিচাপে ঘোষণা কৰাক লৈ বিৰোধিতা শশী থাৰুৰৰ - Easter 2024

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 8:37 PM IST

thumbnail

নেশ্যনেল ডেস্ক, 28 মাৰ্চ : বৃহস্পতিবাৰে মণিপুৰ চৰকাৰে ইষ্টাৰৰ বন্ধক কৰ্মদিন হিচাপে ঘোষণা কৰাৰ পিচতে তিৰুৱন্তপুৰম লোকসভা সমষ্টিৰ ইউডিএফ প্ৰাৰ্থী শশী থাৰুৰে ইয়াৰ বিৰোধিতা কৰি মন্তব্য প্ৰকাশ কৰিছে ৷ 

থাৰুৰে কয় যে, মণিপুৰত ইষ্টাৰৰ বন্ধ দিনটোক কৰ্মদিন হিচাপে ঘোষণা কৰাটো অপমানজনক । ভাৰত হৈছে এনে এখন দেশ যি সকলো ধৰ্মক সন্মান কৰে। মণিপুৰে বিগত বৰ্ষত বহুতো হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হৈছিল । মণিপুৰৰ ৪০-৪৫ শতাংশ লোকে এই নিৰ্দিষ্ট ধৰ্মত বিশ্বাসী, তেওঁলোকৰ এই বিশেষ দিনটোত বন্ধ প্ৰত্যাহাৰ কৰাটো লজ্জাজনক । 

লগতে শশী থাৰুৰে শাসকীয় চৰকাৰক এই সিদ্ধান্তটো সলনি কৰিবলৈও দাবী জনাইছে । 

লক্ষণীয় যে, মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে ঘোষণা কৰে যে, অহা  30-31 মাৰ্চত চৰকাৰী কাৰ্যালয়, নিগম আৰু স্বায়ত্তশাসিত সংস্থাসমূহৰ বাবে ইষ্টাৰৰ বন্ধ প্ৰত্যাহাৰ কৰা হৈছে ৷

লগতে পঢ়ক: সুপ্ৰিয়া শ্ৰীনেত আৰু দিলীপ ঘোষক নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱা জাননী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.