গৰু ভক্ষণ কৰি বিষক্ৰিয়াত বিলুপ্তপ্ৰায় শগুণৰ মৃত্যু - death of extinct vultures

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 7:09 PM IST

thumbnail

মিৰ্জা, ২৩ মাৰ্চ: কামৰূপ জিলাৰ পলাশবাৰীৰ জজি গণকপাৰাৰ পথাৰত মৃত গৰু ভক্ষণ কৰি হোৱা বিষক্ৰিয়াত কেইবাটাও প্ৰকৃতিৰ জামাদাৰস্বৰূপ বিলুপ্তপ্ৰায় শগুণৰ মৃত্যু হয় । লগতে কুৰিৰো অধিক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে । ৰাইজে উল্লেখ কৰা মতে, স্থানীয় লোকে এটা মৃত গৰু শ্মশানত পেলাই দিছিল । সেই মৃত গৰুটো ভক্ষণ কৰিয়েই শনিবাৰে পুৱাৰে পৰা একাধিক শগুণ অসুস্থ হৈ পৰাৰ দৃশ্য স্থানীয় লোকে প্ৰত্যক্ষ কৰে ।  

পিচত লোহাৰঘাট আৰু কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ দলৰ তত্বাৱধানত ৰাণীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ পৰা চিকিৎসকৰ দল উপস্থিত হৈ মৃত শগুণকেইটা উদ্ধাৰ কৰে । লগতে অসুস্থ হৈ পৰা কুৰিৰো অধিক শগুণৰ চিকিৎসা চলাই আছে । এতিয়াও বহু অসুস্থ শগুণ গছৰ ডালত পৰি আছে ।

লগতে পঢ়ক:নটাকৈ বিলুপ্তপ্ৰায় শগুণৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.