চাবুৱাৰ দৈনিক বজাৰত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 9:06 PM IST

thumbnail

মৰাণ, 9 ফেব্ৰুৱাৰী : ডিব্ৰুগড়ৰ চাবুৱা দৈনিক বজাৰত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য ৷ অতি ব্যস্ততাপূৰ্ণ চাবুৱা দৈনিক বজাৰৰ ওপৰৰ মহলত আজি পুৱা এজন ব্যক্তি পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ ইয়াৰ পাচতেই ঘটনাস্থলীত চাবুৱা আৰক্ষী উপস্থিত হৈ ব্যক্তি জন মৃত বুলি নিশ্চিত কৰে ৷

আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি বিভিন্ন জনক সোধপোছ কৰাত মৃত ব্যক্তি জন চাবুৱাৰ চি ৱাৰ্ডৰ কামালউদ্দীন আনচাৰী ( 32) বুলি চিনাক্ত কৰিছে ৷ দৈনিক বজাৰৰ ওপৰৰ মহলত ব্যক্তিজনৰ কেনেকৈ মৃত্যু হ'ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ ব্যক্তি জনৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাক সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : দুলীয়াজানৰ তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.