দুলীয়াজানৰ তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 11:50 AM IST

thumbnail

দুলীয়াজান,৯ ফেব্ৰুৱাৰী: দুলীয়াজানৰ অইলৰ তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডক কেন্দ্ৰ কৰি তীব্ৰ আতংকময় পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ৷ দুলীয়াজান যোৰাজান সমীপৰ ১৬ নং তৈলখাদত সংঘটিত হৈছে এই অগ্নিকাণ্ড । ঘটনাৰ পাছতেই ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।  

অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ পৰা বিস্তৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে । নিশা কোনো দুস্কৃতিকাৰীয়ে তৈলখাদৰ পাইপ লাইনৰ পৰা তেল চোৰ কৰিবলৈ চেষ্টা চলোৱাৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হ'ব পাৰে বুলি অনুমান কৰিছে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই । ঘটনাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: গণেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.