গণেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 7:16 PM IST

thumbnail

গুৱাহাটী, 8 ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰৰীৰ গণেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ড । গণেশগুৰিত এটা অট্টালিকাত আজি বিয়লি সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড ৷ জি এছ ৰোড সংলগ্ন হনুমান মন্দিৰৰ সমীপৰ এটা অট্টালিকাত লাগিল জুই ৷ কৰ ভৱনৰ কাষতে থকা অট্টালিকাটোত আছিল জুবিন গাৰ্গ ভোজনালয় ৷ এই ভোজনালয়খনৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি ধাৰণা কৰা হৈছে ৷ জুবিন গাৰ্গ ভোজনালয়ৰ লগতে আন কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যায় ৷ পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও সম্পূৰ্ণ জুই নিৰ্বাপন হোৱা নাই বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে অট্টালিকাটোত থকা প্ৰায় সকলো প্ৰতিষ্ঠানেই ক্ষতিগ্ৰস্ত হৈছে এই অগ্নিকাণ্ডৰ ফলত ৷ অট্টালিকাটোত থকা লোকসকলে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে ৷ কোনো লোক হতাহত হোৱা নাই বৰ্তমানলৈকে ৷ অগ্নিকিণ্ডৰ কাৰণ আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই ।  

লগতে পঢ়ক: ব্লেক ষ্ট’নে লুটিলে বহুজনক; সহজ ধনৰ লোভত পৰি হেৰুৱালে মূল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.