দলগাঁৱত নাৰীদেহৰ ৰমৰমীয়া বেহা, গ্ৰেপ্তাৰ 5

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 9:59 PM IST

thumbnail

মঙলদৈ, 22 ফেব্ৰুৱাৰী: দলগাঁৱৰ বেছিমাৰীত নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায় ৷ নিশা দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ‌ ভিত্তিত ঘৰৰ মালিক ফকিৰ আলীৰ লগতে তেওঁৰ পত্নীৰ উপৰিও আন তিনিগৰাকীক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে দলগাঁৱৰ বেছিমাৰীত দীৰ্ঘদিন ধৰি চলি আছিল নাৰীদেহৰ ব্যৱসায় ৷ নাৰীদেহৰ ব্যৱসায় কৰিবলৈ বিভিন্ন যুৱতীক প্ৰলোভনেৰে আনিছিল গণ্ডাপুখুৰীৰ গাঁৱৰ ফকিৰ আলীৰ ঘৰলৈ ৷ আৰক্ষীয়ে ফকিৰ আলীৰ ঘৰত অসংযত অৱস্থাত গ্ৰেপ্তাৰ কৰে ফকিৰ আলী, মছিৰন নেছা, ৰফিকুল ইছলাম আৰু তাহেৰ আলী আটক কৰে । গ্ৰেপ্তাৰ কৰা পাঁচোগৰাকীকে দলগাঁও আৰক্ষীয়ে জে’ললৈ প্ৰেৰণ কৰে ।

আৰক্ষীয়ে জনোৱা অনুসৰি ফকিৰ আলী পূৰ্বেও এনেধৰণৰ গোচৰত কাৰাবন্দী হৈছিল যদিও মুকলি হোৱাৰ পিচত পুনৰ পূৰ্বৰ ব্যৱসায়ত নামি পৰে ৷ ধৰ্ষণৰ গোচৰ ফকিৰ আলীৰ বিৰুদ্ধে আছে বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: সেনাবাহিনীৰ প্ৰতীক লগোৱা বাহন লৈ ডকাইতি কৰিবলৈ আহি গ্ৰেপ্তাৰ 5 ডকাইত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.