গোলাঘাটত জালনোট সৰবৰাহত জড়িত কিশোৰ
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg?imwidth=128)
Published : Jan 30, 2024, 7:31 PM IST
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-01-2024/640-480-20626706-thumbnail-16x9-glt-aspera.jpg)
গোলাঘাট,৩০ জানুৱাৰী: গোলাঘাটৰ অব্যাহত জালনোটৰ ৰমৰমীয়া ব্যৱসায় ৷ গোলাঘাটৰ নামঘৰ আলিৰ পৰা কিশোৰসহ ছয়জনক সোধপোচৰ বাবে আটক গোলাঘাট আৰক্ষীৰ ৷ সোমবাৰে নামঘৰ আলিত এখন দোকানৰ পৰা পাঁচশ টকাৰ জালনোট দি বস্তু ক্ৰয় কৰে এজন কিশোৰে ৷ পাছত দোকানীজনে বজাৰৰ সামগ্ৰী ক্ৰয় কৰিবলৈ যাওতে কিশোৰজনে দিয়া পাঁচশ টকা নোটখন জাল বুলি অৱগত হয় । কিন্তু সেই একেজন কিশোৰে আজিও দোকানখনত বস্তু ক্ৰয় কৰিবলৈ আহোতেই স্থানীয় লোকে কিশোৰ কেইজনক ধৰি আৰক্ষীক খবৰ দিয়ে ৷
ঘটনাস্থলীত গোলাঘাট সদৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ কিশোৰসহ ছজন লোকক আটক কৰি থানালৈ লৈ যায় । পিছত কিশোৰ কেইজনৰ ভাষ্য অনুসৰি আৰক্ষীয়ে ধ্ৰুৱ নগৰৰ যুৱক অৰ্ণৱ হাজৰিকাৰ বাসগৃহত তালাচী চলাই পাঁচহাজাৰ টকাৰ জালনোট উদ্ধাৰ কৰে ৷ বৰ্তমান গোলাঘাট আৰক্ষীয়ে অৰ্ণৱ হাজৰিকা আৰু পত্নী জোনমণি হাজৰিকাক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ৷ ইফালে গোলাঘাটত এতিয়া জালনোটৰ ব্যৱসায়ত কিশোৰক নিয়োগ কৰা বিষয়টোৱে এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে ৷
লগতে পঢ়ক: তিনিমাহে নিৰুদ্দেশ অসম আৰক্ষী জোৱান