ETV Bharat / state

তিনিমাহে নিৰুদ্দেশ অসম আৰক্ষী জোৱান

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 6:41 PM IST

Assam Police jawan missing for three months
তিনিমাহে নিৰুদ্দেশ অসম আৰক্ষী জোৱান

Assam Police jawan missing: তিনিমাহ ধৰি নিৰুদ্দেশ অসম আৰক্ষীৰ জোৱান । নিৰুদ্দেশ অসম আৰক্ষীৰ জোৱান সবিন নাথ । স্বামীৰ বিচাৰি হাহাকাৰ পত্নী-মাতৃৰ । আৰক্ষীৰ পৰা পোৱা নাই কোনো সদুত্তৰ । মিজোৰামৰ নিৰ্বাচনী দায়িত্বত যোৱাৰে পৰা নিৰুদ্দেশ জোৱানজন ।

গুৱাহাটী,৩০ জানুৱাৰী: অসম আৰক্ষীত নোহোৱা-নোপোজা ঘটনা । প্ৰায় তিনিমাহ ধৰি নিৰুদ্দিষ্ট অসম আৰক্ষীৰ এজন জোৱান । সন্ধানহীন আৰক্ষী জোৱানজন হৈছে নগাঁৱৰ চামগুৰিৰ সবিন নাথ । নগাঁৱস্থিত নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীত কৰ্মৰত আছিল সবিন নাথ । যোৱা ২৮ অক্টোবৰতে নিৰ্বাচনৰ দায়িত্বত মিজোৰামলৈ প্ৰেৰণ কৰা হৈছিল জোৱানজনক ।

তাৰ পিছৰে পৰা প্ৰায় তিনিমাহ ধৰি কোনো সন্ধান নাই আৰক্ষী জোৱান সবিন নাথৰ । এতিয়া সবিন নাথৰ সন্ধান বিচাৰি হাহাকাৰ কৰিছে পত্নী-মাতৃয়ে । সমগ্ৰ বিষয় সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎকাৰৰ বাবে আহিও সাক্ষাৎ লাভ কৰা নাই পৰিয়ালে । সোমবাৰৰ দিনটো উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত দিনটো ৰৈও কোনো এজন উচ্চ পদস্থ বিষয়াৰ সাক্ষাৎ নাপালে জোৱানজনৰ পত্নী আৰু মাতৃয়ে ।

ইফালে ডিচেম্বৰৰ পৰা দৰমহা বন্ধ কৰি দিয়া হল সবিন নাথৰ । উপায়হীন হৈ ঋণ লৈ পৰিয়াল চলাইছে পত্নীয়ে । সবিন নাথৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসম আৰক্ষী সঞ্চালক প্ৰধানক লগ কৰিবলৈ তিনি দিন পূৰ্বে আহিছে যদিও বৰ্তমানলৈ কোনো এজন আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক সাক্ষাৎ পোৱা নাই । প্ৰায় তিনিমাহ পূৰ্বে নিৰ্বাচনৰ দায়িত্বত মিজোৰামলৈ প্ৰেৰণ কৰা সবিন নাথৰ আজি পৰ্যন্ত কোনো শুং-সূত্ৰ পোৱা নাই ।

পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সবিন নাথৰ পিতৃও বৰ্তমান শয্যাগত । নাথৰ পত্নীয়ে ৯ বছৰীয়া আৰু ১১ বছৰীয়া সন্তানক লৈ পৰিয়াল চলাবলৈ সমস্যাৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে । আত্মসহায়ক গোট, বন্ধন বেংকৰ ঋণ লৈ পৰিয়াল চলাইছে । শীঘ্ৰে আৰক্ষী জোৱানজনৰ সন্ধান কৰি ভুক্তভোগী পৰিয়ালটোক এক সকাহ দিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: গুটখা ব্যৱসায়ী হেমন্ত জৈনৰ গুটখা গুদামত জি এছ টি দলৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.