ETV Bharat / state

গুটখা ব্যৱসায়ী হেমন্ত জৈনৰ গুটখা গুদামত জি এছ টি দলৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 4:13 PM IST

Tobacco warehouse
গুটখা গুডামত জি এছ টি দলৰ অভিযান

Raid in Tobacco warehouse : বিতৰ্কিত গুটখা ব্যৱসায়ী হেমন্ত জৈনৰ গুটখা গুদামত জি এছ টি দলৰ অভিযান ৷ কৰ ফাঁকি দিয়াৰ অভিযোগতে জি এছ টিৰ ১০ জনীয়া এটা দলে এই অভিযান চলাই আছে বুলি জানিব পৰা গৈছে ৷

গুটখা গুদামত জি এছ টি দলৰ অভিযান

যোৰহাট, 30 জানুৱাৰী : বিতৰ্কিত গুটখা ব্যৱসায়ী হেমন্ত জৈনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰশাসনৰ হাতোৰা ৷ সোমবাৰে পুৱাৰ ভাগত হেমন্ত জৈনৰ যোৰহাট নগৰৰ চেম্বাৰ্চ অৱ কৰ্মাচ ৰোডত থকা গুটখা গুদামত জি এছ টিৰ ১০ জনীয়া এটা দল উপস্থিত হৈ এক অভিযান চলায় ৷

তথ্য অনুসৰি, বাতৰি যুগুত কৰা পৰ্যন্ত অভিযানকাৰী দলটোৱে চলাই আছে অভিযান ৷ কেৱল যোৰহাট নগৰৰ চেম্বাৰ্চ অৱ কৰ্মাচ ৰোডত থকা গুটখা গুদামতে নহয়, অন্য দুটা স্থানটো জি এচ টিৰ দলে অভিযান চলাই আছে বুলি জানিব পৰা গৈছে ।

তাপৰ্যপূণ যে, হেমন্ত জৈন নামৰ ব্যৱসায়ীগৰাকীয়ে বিভিন্ন সময়ত বৃহৎ কৰ ফাঁকিৰে গুটখা অবৈধভাৱে মজুত ৰাখি ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ যোৰহাটত থকা এই তিনি স্থানৰ পৰাই উক্ত ব্যৱসায়ীগৰাকীয়ে উজনি অসমৰ লগতে কাষৰীয়া নাগালেণ্ডলৈও গুটখা সৰবৰাহ কৰি অহাৰ অভিযোগ আছে ৷

এইদৰে বিভিন্ন প্ৰান্তলৈ গুটখা সৰবৰাহ কৰি বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়াৰ অভিযোগতেই জি এছ টি দলে মঙলবাৰে অভিযান চলাই বুলি জানিব পৰা গৈছে । উক্ত ব্যৱসায়ীজনৰ গুটখা ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাবলৈ গুৱাহাটীৰ পৰা নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে ৷

আনহাতে, বিৰ্তকিত ব্যৱসায়ী হেমন্ত জৈনে পূৰ্বতেও কৰ ফাঁকি দিয়াৰ অভিযোগ আছে । ১০ জনীয়া জি এছ টি দলে ব্যৱসায়ীজনৰ প্ৰতিষ্ঠানৰ পৰা কৰ ফাঁকি সংক্ৰান্তীয় বিভিন্ন উৎস আৰু তথ্য লাভ কৰিছে বুলি এক বিভাগীয় সুত্ৰই জানিবলৈ দিছে ।

আনহাতে, এনেদৰে যোৰহাট নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে অন্য স্থানত ১০ জনীয়া জি এছ টি দলে অৰ্তকিতে অভিযান চলোৱাৰ ফলত অন্য একাংশ ব্যৱসায়ীক কম্পিত কৰি তুলিছে ।

লগতে পঢ়ক : বিজেপি নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাকাণ্ড; ১৫ দোষীক মৃত্যুদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.