মুখ্যমন্ত্ৰীয়ে গেৰান্টি-ৱাৰেন্টিৰ পাৰ্থক্য বুজি নাপায় :ৰকিবুল হুছেইন - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 10:54 PM IST

thumbnail

জনীয়া, ৯ এপ্ৰিল: ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে আজি পাঁচটা গেৰান্টি লৈ লোকসভা সমষ্টিটোৰ অন্তৰ্গত মন্দিয়া সমষ্টিৰ জনীয়াত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ  মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰি কয়," মুখ্যমন্ত্ৰীয়ে গেৰান্টি আৰু ৱাৰেন্টিৰ পাৰ্থক্য বুজি নাপায় । প্ৰধানমন্ত্ৰীৰ বাবে গেৰান্টি আৰু মুখ্যমন্ত্ৰীৰ বাবে হ'ল ৱাৰেন্টি । মুখ্যমন্ত্ৰী জনীয়ালৈ আহিলে মোৰ এক লাখ ভোট বাঢ়িব । কাৰণ তেওঁক মানুহে বেয়া পায় ।" 

ইপিনে, এআই ইউডিএফ প্ৰাৰ্থী বদৰুদ্দিন আজমলকো সমালোচনা কৰে । ধুবুৰী লোকসভা সমষ্টিৰ কতো আজমলক দেখা নাপালে বুলি কটাক্ষ কৰে । ধুবুৰী সমষ্টিৰ ৰাইজে মুখ্যমন্ত্ৰীৰ বন্ধু বদৰুদ্দিন আজমলক পৰাস্ত কৰিব বুলি কয় । তেওঁ কংগ্ৰেছৰ গেৰান্টিৰ কথা উল্লেখ কৰি কয় প্ৰথম বছৰত ১ লাখ টকাৰ মাননিৰে প্ৰতিজন শিক্ষিত যুৱক যুৱতীলৈ প্ৰথম নিযুক্তিৰ গেৰান্টি দিছে কংগ্ৰেছে । তদুপৰি প্ৰতি বছৰে ১ লাখ টকা প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ বাবে গেৰান্টি, ঋণ মাফ শ্বামী নাথন আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ গেৰান্টি, অতি কমেও শ্ৰমিকলৈ ৪০০ টকাৰ এম জিএনৰেগাৰ মাননিসহ গেৰান্টিৰ কথা উল্লেখ কৰে । বিজেপিৰ প্ৰতিশ্ৰুতি পূৰণ নোহোৱা বাবে ইয়াক ঝুমলা বুলি কয়,যাৰ বাবে কংগ্ৰেছেৰ এই পাঁচ গেৰান্টি ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ বন্ধুক পৰাস্ত কৰিব ধুবুৰীৰ ৰাইজে: ৰকিবুল হুছেইন - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.