ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ বন্ধুক পৰাস্ত কৰিব ধুবুৰীৰ ৰাইজে: ৰকিবুল হুছেইন - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 8:24 PM IST

Rakibul Hussain
বৰপেটাত ধুবুৰী লোকসভাৰ প্ৰাৰ্থী ৰকিবুল হুছেইন

Rakibul Hussain : বৰপেটাত ধুবুৰী লোকসভাৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ প্ৰচাৰ অভিযান ৷ ধুবুৰী সমষ্টিৰ ৰাইজে মুখ্যমন্ত্ৰীৰ বন্ধু বদৰুদ্দিন আজমলক পৰাস্ত কৰিব বুলি মন্তব্য কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ৷

বৰপেটাত ধুবুৰী লোকসভাৰ প্ৰাৰ্থী ৰকিবুল হুছেইন

বৰপেটা, ৯ এপ্ৰিল: ধুবুৰী লোকসভা সমষ্টিৰ বাবে আজি বৰপেটা জিলাত নিৰ্বাচনী প্ৰচাৰ চলায় সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে । উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰপেটা জিলাৰ দুটা বিধানসভা সমষ্টি মন্দিয়া আৰু চেঙা ধুবুৰী লোকসভাৰ অন্তৰ্ভুক্ত হৈছে । সেই সূত্ৰে মঙলবাৰে বৰপেটাত উপস্থিত হৈ ৰকিবুল হুছেইনে বৰপেটা জিলা উকীল সন্থাৰ কৰ্মকৰ্তাসকলক সাক্ষাৎ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ পিচত বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত সাংবাদিকৰ আগত দাবী কৰে যে তেওঁৰ জয় নিশ্চিত । কাৰণ ধুবুৰী সমষ্টিৰ ৰাইজে এইবাৰ পৰিৱৰ্তন আনিব বুলি সিদ্ধান্ত লৈছে । হুছেইনে এইদৰেও কয় যে এঘাৰটা বিধানসভা সমষ্টিৰে গঠিত ধুবুৰী লোকসভা সমষ্টিটোৰ ভোটাৰৰ সংখ্যা হ'ল প্ৰায় ২৭ লাখ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ নতুন সীমাৰ জৰিয়তে এই বৃহৎ সংখ্যক লোকৰ প্ৰতি গভীৰ অন্যায় কৰা হৈছে ।‌

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা এনে অন্যায়ৰ পোতক লোৱাৰ এয়াই সময় আৰু এই কথা উপলব্ধি কৰি ৰাইজে এইবাৰ ধুবুৰীৰ লগতে আন কেবাটাও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীক জয়যুক্ত কৰিব বুলি কয় ৰকিবুল হুছেইনে । হুছেইনে কৰা দাবী অনুসৰি ধুবুৰীৰ উপৰি কংগ্ৰেছ মিত্ৰজোঁটে ডিব্ৰুগড়, যোৰহাট, নগাঁও, কাজিৰঙা, কৰিমগঞ্জ আৰু বৰপেটাত জয়লাভ কৰিব ।

ধুবুৰীৰ প্ৰসংগত হুছেইনে লগতে কয় যে সমষ্টিটোৰ ৰাইজে মুখ্যমন্ত্ৰীৰ বন্ধু বদৰুদ্দিন আজমলক পৰাস্ত কৰিব । বৰ্তমানৰ চৰকাৰৰ দিনত ৰাইজে তিতা-কেহা খাইছে । ৰাইজৰ ওপৰত অত্যাচাৰ চলিছে । তদুপৰি হুছেইনে কয় যে কংগ্ৰেছত নিয়মীয়াকৈ বিজেপিৰ শক্তিশালী নেতাৰ যোগদান অব্যাহত আছে । শেহতীয়াকৈ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়েও কংগ্ৰেছত যোগদান কৰাৰ কথা হুছেইনে উল্লেখ কৰে ।

‌প্ৰসংগক্ৰমে হুছেইনে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীকো কটাক্ষ কৰে । তেওঁ কয় যে বিধানসভাত আলী কংগ্ৰেছৰ বিধায়ক আৰু বাহিৰত ওলোটা ।

লগতে পঢ়ক: পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ অগপত যোগদান: আলফা সমস্যা সমাধান হোৱা নাই বুলি মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.