পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ অগপত যোগদান: আলফা সমস্যা সমাধান হোৱা নাই বুলি মন্তব্য - Paresh Baruah Brother Joins AGP
Paresh Baruah Brother Joins AGP: পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃয়ে যোগদান কৰিলে অসম গণ পৰিষদত ৷ আলফা সমস্যাৰ এতিয়াও সমাধান হোৱা নাই বুলি উল্লেখ কৰি বিষয়টোৰ সন্দৰ্ভত পুনৰ আলোচনা কৰা হ’ব বুলি কয় বিমল বৰুৱাই ৷

Published : April 9, 2024 at 4:06 PM IST
ডিব্ৰুগড়, 9 এপ্ৰল: লোকসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন মহলৰ বিভিন্নজনে ৰাজনৈতিক দলত যোগদানৰ ধুম উঠিছে ৷ এইবাৰ আলফা(স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱা আকৰ্ষিত হ’ল অঞ্চলিকতাবাদী দলৰ প্ৰতি ৷ মঙলবাৰে চাবুৱা-লাহোৱাল সমষ্টিৰ অগপ কাৰ্যালয় মুকলি অনুষ্ঠানত অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম গণ পৰিষদ দলত যোগদান কৰে বিমল বৰুৱাই ৷
উক্ত যোগদান কাৰ্যসূচীত বিমল বৰুৱাৰ সৈতে প্ৰায় ২০০ৰো অধিক লোকে যোগদান কৰিলে অসম গণ পৰিষদত ৷ দলটোত যোগদান কৰিয়েই বিমল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘একালৰ বন্ধুৱে শেহতীয়াকৈ বিজেপিত যোগদান কৰাৰ পিচত চাবুৱাৰ অগপৰ বিধায়ক পোনাকণ বৰুৱাৰ আহ্বানত এটা সপ্তাহ চিন্তা কৰাৰ অন্তত অসম গণ পৰিষদত যোগদান কৰিছো ৷ মোৰ গাত জাতীয়তাবাদৰ তেজ আছে । সেয়ে তাক আজি মই প্ৰকাশ কৰিছো ।’’
অসমীয়া জাতিৰ স্বাৰ্থত অসম গণ পৰিষদ দলত যোগদান কৰা বুলি মন্তব্য কৰে বিমল বৰুৱাই ৷ তেওঁ কয় যে পুৰণি সতীৰ্থসকল একত্ৰিত হোৱা দেখি তেওঁ আনন্দিত হৈছে ৷ প্ৰায় দুশ সতীৰ্থই বিমল বৰাৰ সৈতে আজি অগপত যোগদান কৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷
ইফালে আলফা সমস্যা এতিয়াও সমাধান হোৱা নাই বুলি উল্লেখ কৰি পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃয়ে কয় যে বিষয়টো সন্দৰ্ভত তেওঁ বিজেপিৰ সৈতে আলোচনা কৰিব ৷ এই সন্দৰ্ভত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে আলোচনা কৰা হ’ব বুলি বিমল বৰুৱাই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: সন্মুখত নিৰ্বাচন, লখিমপুৰত আভ্যন্তৰীণ সংঘাতে জোকাৰিছে কংগ্রেছক

