লাহৰীঘাটত প্ৰাক নিৰ্বাচনী হিংসা

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 6:56 AM IST

thumbnail

ধিং, 11 ফেব্ৰুৱাৰী: লাহৰীঘাটত প্ৰাক নিৰ্বাচনী হিংসা । লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে । শনিবাৰে লাহৰীঘাট সমষ্টিত এ আই ইউ ডি এফ দলৰ কৰ্মী আৰু একাংশ কংগ্ৰেছীৰ মাজত সৃষ্টি হয় খণ্ড যুদ্ধ ।

উল্লেখ্য যে, ধিঙৰ টেঙাগুৰিত এ আই ইউ ডি এফৰ নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল । এই নিৰ্বাচনী সভাত চেঙাৰ বিধায়ক আশ্ৰাফুল ইছলাম আৰু কাটলিচেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰিছিল । ফলত সভা সমাপ্ত হোৱাৰ পিচতে একাংশ কংগ্ৰেছীয়ে এআইইউডিএফ গ’ বেক ধ্বনি দিয়ে । লগে লগে দলীয় কৰ্মীৰ মাজত আৰম্ভ হয় খণ্ড যুদ্ধ । 

শনিবাৰে নগাঁও লোকসভাৰ এ আই ইউ ডি এফ প্ৰক্ষেপিত প্ৰাৰ্থী ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল দুয়োগৰাকী বিধায়কে । 

লগতে পঢ়ক: এ আই ইউ ডি এফ নেতা-কৰ্মীৰ ভৰিৰ তলত অসমীয়াৰ গামোচা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.