ETV Bharat / state

এ আই ইউ ডি এফ নেতা-কৰ্মীৰ ভৰিৰ তলত অসমীয়াৰ গামোচা

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 1:12 PM IST

Updated : Feb 5, 2024, 2:05 PM IST

Gamocha controversy of AIUDF: এ আই ইউ ডি এফৰ সভাত পুনৰ অপমানিত হ’ল অসমীয়াৰ স্বাভিমান । ভৰিৰে মোহাৰি দিয়া হ’ল আদৰৰ গামোচাখনক । গামোচা ভৰিৰে গচকিলে এ আই ইউ ডি এফ নেতাই । নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ধিং সমষ্টিৰ ডুমডুমীয়াত শনিবাৰে অনুষ্ঠিত হোৱা সভাত সংঘটিত হৈছে এই ঘটনা ৷

এ আই ইউ ডি এফ নেতা-কৰ্মীৰ ভৰিৰ তলত অসমীয়াৰ গামোচা
এ আই ইউ ডি এফ নেতা-কৰ্মীৰ ভৰিৰ তলত অসমীয়াৰ গামোচা
এ আই ইউ ডি এফ নেতা-কৰ্মীৰ ভৰিৰ তলত অসমীয়াৰ গামোচা

নগাঁও, 5 ফেব্ৰুৱাৰী: পুনৰ এ আই ইউ ডি এফৰ সভাত চৰম অপমান কৰা হ’ল অসমীয়াৰ স্বাভিমানক । ভৰিৰে মোহাৰি দিয়া হ’ল আদৰৰ গামোচাখনক । গামোচা ভৰিৰে গচকিলে এ আই ইউ ডি এফ নেতাই ।

লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ চুকে-কোণে ৰাজনৈতিক দলবোৰে আৰম্ভ কৰিছে প্ৰচাৰ অনুষ্ঠান ৷ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ধিং সমষ্টিৰ ডুমডুমীয়াত শনিবাৰে অনুষ্ঠিত হৈছিল এখন ৰাজহুৱা সভা । য’ত মুখ্য অতিথি হিচাপে খোদ উপস্থিত আছিল এ আই ইউ ডি এফ দলৰ মূৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল ।

বদৰুদ্দিন আজমল উপস্থিত থকা ৰাজহুৱা সভাতেই অসমীয়াৰ স্বাভিমান গামোচাখনক চৰম অপমান কৰাৰ ঠবি পোবৰলৈ আহিছে । মঞ্চত বদৰুদ্দিন আজমল বহি থকাৰ সময়তেই গামোচা ভৰ্তি বাণ্ডিল এটা দলীয় কৰ্মকৰ্তাই ভৰিৰে গচকা দেখিবলৈ পোৱা গ’ল ৷ আনকি কাষতে বহা আন এগৰাকী এ আই ইউ ডি এফ নেতাই মঞ্চৰ পৰাই নিৰাপত্তাৰক্ষীৰ হাতলৈ দলিয়াই দিয়া পৰিলক্ষিত হ’ল গামোচা ।

উল্লেখ্য যে, ভৰিৰে গামোচা গচকাৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিচত দেওবাৰৰ পৰাই বিষয়টোক লৈ বিভিন্ন মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চা । এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ সভাত বাৰে বাৰে অসমীয়াৰ স্বাভিমান গামোচাখনক কিয় অপমান কৰা হৈছে তাকলৈও বিভিন্ন মহলত প্ৰশ্নৰ মাজত অৱতাৰণা হৈছে । দলটোৰ নেতা কৰ্মী তথা সাংসদ আজমলৰ জ্ঞাতসাৰেই এনে কামবোৰ সংঘটিত কৰা হৈ আহিছে নেকি বুলিও বিভিন্ন জনে প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

লগতে পঢ়ক: সংবাদ মাধ্যমৰ শিৰোনাম দখলৰ উদ্দেশ্যৰেই আজমলে কৰে বিতৰ্কিত মন্তব্য !

Last Updated : Feb 5, 2024, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.