ETV Bharat / politics

সংবাদ মাধ্যমৰ শিৰোনাম দখলৰ উদ্দেশ্যৰেই আজমলে কৰে বিতৰ্কিত মন্তব্য !

MP Badruddin Ajmal on Loksabha poll 2024: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিজেপিৰ 1 নম্বৰ এজেণ্ট বুলি চাঞ্চল্যকৰ মন্তব্য ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ ৷ কংগ্ৰেছ দলটো বিজেপিৰ B টীম বুলি দাবী কৰে সাংসদগৰাকীয়ে ৷ নিজৰ প্ৰচাৰৰ বাবেই সময়ে সময়ে উদ্ভট, বিতৰ্কিত মন্তব্য কৰে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ আজমলৰ ৷

aiudf mp Badruddin Ajmal slams Congress in dhubri
ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 10:41 AM IST

|

Updated : January 30, 2024 at 12:29 PM IST

2 Min Read
Choose ETV Bharat
ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল

ধুবুৰী, 30 জানুৱাৰী: নিজৰ প্ৰচাৰৰ বাবেই সময়ে সময়ে উদ্ভট, বিতৰ্কিত মন্তব্য কৰে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ৷ সোমবাৰে ধুবুৰীত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰাৰ লগতে আন কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মতামত ব্যক্ত কৰে সাংসদগৰাকীয়ে ।

দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ প্ৰতি আক্ৰমণাত্মক হৈ সাংসদগৰাকীয়ে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ ফলাফল শূন্য বুলি উল্লেখ কৰাৰ লগতে সমাগত নিৰ্বাচনত দলটোৰ ফলাফলো শূন্য হ’ব বুলি ভৱিষ্যৎ বাণী কৰে ৷ সমান্তৰালভাৱে, কংগ্ৰেছ দলটো বিজেপিৰ B টীম বুলি দাবী কৰি বৰ্তমানেও দলটোত বহু বিজেপিৰ এজেণ্ট আছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিজেপিৰ 1 নম্বৰ এজেণ্ট বুলি চাঞ্চল্যকৰ মন্তব্য আগবঢ়ায় ৷

INDI জোঁটক তীব্ৰ ভাষাৰে কটাক্ষ কৰি আজমলে ৰকিবুল হুছেইনৰ তেওঁৰ সৈতে ভিতৰুৱা বুজাবুজি আছে তথা ভাতৃত্বৰ সম্পৰ্ক আছে বুলি দাবী কৰাৰ লগতে ৰকিবুলে টিকট পালেও ধুবুৰীত তেওঁৰ হৈ প্ৰচাৰ চলাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ কা’ সন্দৰ্ভত দলটোৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত আজমলে কা আন্দোলনৰ ডাঙৰ ডাঙৰ নেতা বিক্ৰী হৈ গ’ল বুলি উল্লেখ কৰি AIUDF দলে কেতিয়াও আন্দোলন নকৰে বুলি স্পষ্ট কৰি দি আনাগত সময়তো কা’ৰ বিৰোধিতা কৰি যাব বুলি জনায় ।

লক্ষণীয় বিষয় যে, বিগত কেবামাহ ধৰি বিতৰ্কিত মন্তব্যৰে সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা পৰিলক্ষিত হৈছে ৷ নিজা কোনো সংবাদ প্ৰতিষ্ঠান নাই বুলি উল্লেখ কৰি বিতৰ্কিত মন্তব্য প্ৰকাশেৰে সংবাদ শিৰোনাম দখল কৰি থকাৰ লগতে নিজৰ প্ৰচাৰ চলায় বুলি কয় সাংসদজনে ৷ আনপিনে ৰাহুল গান্ধীক অসমৰ জোঁৱাই বনোৱাৰ সপোন পুহি ৰখা বুলিও উল্লেখ কৰে আজমলে ।

উল্লেখ কৰা প্ৰয়োজন যে, সাধাৰণ নিৰ্বাচনক লক্ষ্য কৰি ধুবুৰীৰ সাংসদগৰাকীয়ে বিগত কেবাদিনো ধৰি নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: অসম কংগ্ৰেছ সোমায় আছে বিজেপিৰ পকেটত; বদৰুদ্দিন আজমল

Last Updated : January 30, 2024 at 12:29 PM IST