অসম কংগ্ৰেছ সোমায় আছে বিজেপিৰ পকেটত; বদৰুদ্দিন আজমল
Badruddin Ajmal on loksabha poll 2024: বিলাসীপাৰাৰ চৰাঞ্চলত সাংসদ বদৰুদ্দিন আজমলৰ নিৰ্বাচনী ৰণডংকা । কংগ্ৰেছ আৰু বিজেপিক মুছলমানৰ শত্রু আখ্যা বদৰুদ্দিন আজমলৰ ৷ ধুবুৰীত কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী ৰকিবুল হুছেইনৰ নিৰ্বাচনী খৰচ আজমলে বহন কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । ভাৰত জোড়ো ন্যায় যাত্ৰাৰ লগতে ভূপেন বৰাকো সমালোচনা আজমলৰ ৷

Published : January 28, 2024 at 11:24 AM IST
বিলাসীপাৰা, 28 জানুৱাৰী: সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল-নেতাবোৰৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ বিলাসীপাৰাৰ চৰাঞ্চলত শনিবাৰে উপস্থিত হয় এআইইউডিএফ দলৰ প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল ৷ অঞ্চলটোত উপস্থিত হৈয়ে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদগৰাকীয়ে । ৰাহুল গান্ধীৰ নেতৃত্বত অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাই দলটোত কোনো প্ৰভাৱ নেপেলায় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ফাল্টু আখ্যা দিয়ে আজমলে ৷
বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত মণ্ডল বজাৰত অনুষ্ঠিত ৰাজহুৱা সভাত সহস্ৰাধিক ৰাইজক সাংসদজনে সম্বোধন কৰি কয়, "এইটো লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰাৰ বাবে আপোনালোকে মোক তিনিবাৰকৈ নিৰ্বাচিত কৰিছে । আসন্ন নিৰ্বাচনতো নিশ্চিতভাবে মোৰ সপক্ষে ভোট প্ৰদান কৰিব । ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাকালীন সময়ত আমাক বিজেপি'ৰ "বি" টীম বুলি কৈছে, দৰাচলতে অসমৰ কংগ্ৰেছহে বিজেপি'ৰ "এ" টীম ।"
সভাত কংগ্ৰেছক তুলা ধূনা দি আজমলে কয়, "কংগ্ৰেছীয়ে মুছলমানৰ ভোট লৈ শাসনত বহে । শাসন দখল কৰিয়ে অসমত 30 লাখ বাংলাদেশী আহিছে বুলি কয় । গোৱালপাৰাত বৃহৎ আকাৰৰ ডিটেনশ্যন কেম্প বনাইছে । কংগ্ৰেছৰ শাসনকালতে নেলী হত্যাকাণ্ড সংঘটিত হৈছে । বিটিআৰত সংঘটিত হৈছে সংখ্যালঘু নিধন যজ্ঞ ।"
ধুবুৰীত এইবাৰ কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী ৰকিবুল হুছেইনক কটাক্ষ কৰি আজমলে কয়, "আমি তেওঁক স্বাগতম জনাইছো, আহক ধুবুৰীত নিৰ্বাচন খেলক । নিৰ্বাচনত প্ৰয়োজনীয় যাবতীয় খৰচ আমি বহন কৰিম ।" সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত আজমলে কয় যে, ভুপেন বৰা এজন ফাল্টু।
বিলাসীপাৰা জিলা সমিতিৰ সভাপতি মুফতি ইয়া হিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত গৌৰীপুৰৰ বিধায়ক নিজানুৰ ইছলাম, বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদা, পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমী, কাজাইকাটা পঞ্চায়তৰ সভাপতি হুৰমুজ আলীকে ধৰি কেবাজনো নেতাই ভাষণ প্ৰদান কৰি আজমলক চতুর্থবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত কৰাৰ বাবে ৰাইজলৈ আহ্বান জনায় ।
লগতে পঢ়ক: Bismita Gogoi: পদুমৰ প্ৰেমত পৰি হাতক বাই বাই বিস্মিতা গগৈৰ

