শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ 21 সংখ্যক বাৰ্ষিক অধিৱেশন সমাপ্ত

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 8:01 PM IST

thumbnail

যোৰহাট, 28 জানুৱাৰী : শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিয়নী নাগাজাংকাৰ ভুগীৰাম বড়া সমন্বয় ক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ব্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ 21 সংখ্যক বাৰ্ষিক অধিৱেশন ৷ নাগাজাংকা বাহিনী আঞ্চলিক শাখাৰ আতিথ্যত স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এই অধিৱেশনখনি ৷

এই অধিৱেশনখনিত সহস্ৰাধিক ভক্তপ্ৰাণ বৈষ্ণৱৰ সমাৱেশ ঘটা পৰিলক্ষিত হয় । আনকি দুদিনীয়াৰ কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত পতাকা উত্তোলন, ধৰ্মীয় আলোচনা, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, প্ৰতিনিধি সভা, সাংস্কৃতিক শোভাযাত্ৰা, পুথি উন্মোচন, ভাওনা আদিও প্ৰদৰ্শন কৰা হয় ।

এক প্ৰকাৰে কেবাসহস্ৰাধিক ভক্ত বৈষ্ণৱৰ সমাৱেশেৰে নাগাজাংকাৰ ভুগীৰাম বৰা সমন্বয় ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় । আজি শেষৰ দিনা নিশা ভাগলকৈ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : ডিব্ৰুগড়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.