মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত তালাপত বন্ধন বেংকৰ কাৰ্যালয় ঘেৰাও অৰ্ধশতাধিক মহিলাৰ

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 9:58 AM IST

thumbnail

তিনিচুকীয়া, ২১ মাৰ্চ : প্ৰতিবাদী কণ্ঠত কঁপিল তিনিচুকীয়া ৷ বুধবাৰে দিনৰ ভাগত অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১ ৰ অধীনত মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাইৰ দাবীৰে তিনিচুকীয়াৰ তালাপ বাইপাছৰ পৰা মাইক্ৰ’ফাইনেন্সৰ বেংকসমূহলৈ প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে বেংক ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ তিনিচুকীয়া জিলা নাৰী মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত তালাপ, ডাঙৰী আৰু কৰদৈগুৰি শাখা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

অৰ্ধ শতাধিক মহিলাই হাতে-হাতে "হাতীত উঠি পানীৰাম ঘৰলৈ যায় হিমন্তৰ কৃপাত মাইক্ৰ’ফাইনেঞ্চে মহিলাৰ তেজ শুহি খায় ! গাঁৱৰ মহিলাক টুপি, নিজৰ গৰাকীক মাটি ৷ যি দেখিছো অসমবাসীয়ে এইবাৰ আপোনাক পঠাব খেদি !" ইত্যাদি এনেধৰণৰ শ্ল’গান সম্বলিত বেনাৰ পোষ্টাৰ লৈ তালাপ বালিবজাৰস্থিত বন্ধন বেংকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই বন্ধন বেংকৰ বিষয়া কৰ্মচাৰীসকলে গাঁৱে গাঁৱে গৈ মহিলাসকলক হাৰাশাস্তি কৰাৰো অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো মহিলাৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু কাৰ্যত বৰ্তমান পৰ্যন্ত গাঁৱৰ বহু মহিলাই এই ক্ষেত্ৰত বেংক কৰ্তৃপক্ষই হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে । যাৰ পৰিপ্ৰেক্ষিতত এইদৰে বিভিন্ন শ্ল’গান সম্বলিত বেনাৰ পোষ্টাৰ লৈ বুধবাৰে বহু মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে পঢ়ক : মাইক্ৰ'ফাইনেন্স ঋণ মাফ, চৰকাৰক পুনৰ কটাক্ষ অখিল গগৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.