মাইক্ৰ'ফাইনেন্স ঋণ মাফ, চৰকাৰক পুনৰ কটাক্ষ অখিল গগৈৰ - Microfinance loan Waiver
🎬 Watch Now: Feature Video

Published : February 2, 2024 at 5:22 PM IST
গুৱাহাটী,২ ফেব্ৰুৱাৰী : মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰাৰ দাবীত চচলৰ প্ৰতিবাদস্থলীত শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এক বিশাল প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰী মহিলাসকলে তেওঁলোকৰ মাইক্র'ফাইনেঞ্চৰ ঋণ অতি শীঘ্ৰে মাফ কৰাৰ দাবী জনায় । লগতে মাইক্র'ফাইনেন্স কোম্পানীৰ পৰা ঋণৰ কিস্তি বিচাৰি অহা আৰু ভয় ভাবুকি দিয়া কাৰ্য বন্ধ কৰা, মাইক্র'ফাইনেন্স কোম্পানীৰ দ্বাৰা ঋণগ্রস্ত মহিলাসকললৈ আদালতৰ পৰা জাননী দিয়া কাৰ্য বন্ধ কৰা আদিকে ধৰি আন কেইবাটাও দাবীৰ সমৰ্থনত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
এই প্ৰতিবাদী কার্যসূচীত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰণতি ফুকন, অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে । প্ৰতিবাদস্থলীৰ পৰাই অখিল গগৈয়ে পুনৰ এবাৰ বিজেপি চৰকাৰক সমালোচনা কৰে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক ভুৱা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ কৰে অখিল গগৈয়ে ।
লগতে পঢ়ক :মোদীৰ সভাত দুই লাখ মানুহ লাগিবই; জিলাই জিলাই মন্ত্ৰী-বিধায়ক নামিল অভিযানত