প্ৰদ্যুৎ বৰদলৈ ইংলিছ ষ্টাইলৰ মানুহ, খোৱা-বোৱা সকলো ইংলিছ ষ্টাইলত কৰে: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 3:50 PM IST

thumbnail
()

মৰিগাঁও, 24 এপ্ৰিল: সাংসদ বৰুদ্দিন আজমলৰ সভাত প্ৰায়েই দেখা যায় পানীৰ খেলা ৷ সমৰ্থকসকলে পানীৰ বটল এটা লৈ যায় আৰু আজমলে সেই পানীত ফু-মন্ত্ৰ কৰে ৷ অনুৰূপ নহ’লেও ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰতো মঙলবাৰে প্ৰায় একেই ৰূপ দেখা গ’ল ৷ অৱশ্যে মন্ত্ৰোচাৰণ কৰি নহয়, সমৰ্থকৰ পৰা পানীৰ বটল এটা লৈ সেই পানী সমৰ্থকসকলৰ গাত ছটিয়াই দিয়া দেখা গ’ল লাহৰীঘাটত ৷ আকৌ একোটা পানীৰ বটলৰ পৰা আধা নিজেই খাই আধা বটল পানী সমৰ্থকক দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷  

মঙলবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাটত সুৰেশ বৰাৰ হৈ নিৰ্বাটনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে আগন্তুক 50 বছৰলৈ কংগ্ৰেছৰ চৰকাৰ নাহে ৷ সেয়েহে প্ৰদ্যুৎ বৰদলৈক ভোট দি লাভ নাই বুলি প্ৰচাৰ সভাত উপস্থিত ৰাইজক বুজালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, ‘‘দিছপুৰত মামাৰ চৰকাৰ আৰু দিল্লীত মোদীৰ চৰকাৰ ৷ এখন ৰে’লগাড়ীৰ ডাঙৰ ইঞ্জিন মোদী আৰু সৰু ইঞ্জিন মই, সুৰেশ বৰা আমাৰ লগত ৷ কিন্তু মোদী যদি আগত থাকে, প্ৰদ্যুৎ বৰদলৈ পিচত থাকে, তেন্তে গাড়ী নচলে ৷ আমি আগলৈ থেলিম, প্ৰদ্যুৎ বৰদলৈয়ে পিচলৈ টানি থাকিব ৷’’

আনহাতে সুৰেশ বৰাই মঞ্চৰ পৰাই ৰাইজক উদ্দেশ্যি আঁঠুকাঢ়ি সেৱা কৰে ৷ তাৰ পিচতে মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰদ্যুৎ বৰদলৈয়ে কেতিয়াও এনেকৈ সেৱা কৰা নাই ৷ প্ৰদ্যুৎ বৰদলৈৰ সেয়া ইংলিছ ষ্টাইল বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ প্ৰদ্যুৎ বৰদলৈয়ে খোৱা-বোৱা সকলো ইংলিছ ষ্টাইলত কৰে বুলি কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে আমাক ছিম্পল্ মানুহ লাগে ৷ গাঁৱৰ মানুহৰ লগত মিলা মানুহ লাগে, ৰাইজৰ লগত মিলা মানুহ লাগে ৷

উল্লেখ্য যে বুধবাৰে মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা সভাত এগৰাকী লোক পদপৃষ্ট হৈ আহত হ’বলগীয়াও হয় ৷ আনহাতে সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে যে লাহৰীঘাটত স্থাপন কৰা হ’ব বিজ্ঞান শাখাৰ কলেজ, মৰিগাঁও-দৰং সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙো নিৰ্মাণ কৰা হ’ব ।

লগতে পঢ়ক: অমিত শ্বাহে নিৰ্দেশ দিলে চাকমা শৰণাৰ্থীক গুৱাহাটীত হাউছিঙৰ ঘৰ বনাই দিব হিমন্ত বিশ্ব শৰ্মাই: ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.