হাতে-হাতে লাঠি লৈ দৰং মহাবিদ্যালয়ৰ খেলপথাৰত এয়া কি ?

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 7:16 PM IST

thumbnail

তেজপুৰ,  ৮ ফেব্ৰুৱাৰী: তেজপুৰৰ ঐতিহাসিক দৰং মহাবিদ্যালয়ৰ খেলপথাৰ পৰিণত হ’ল ৰণাংগনলৈ ৷ খেলৰ পৰিৱৰ্তে হাতে-হাতে বাঁহ-লাঠি লৈ ইজনে সিজনক কৰিলে আক্ৰমণ  । বুধবাৰৰ পৰা আৰম্ভ হোৱা মহাবিদ্যালয় সপ্তাহত আজি সাংস্কৃতিক অনুষ্ঠান চলি থকা সময়তে ছাত্ৰাবাসৰ ছাত্ৰ আৰু মহাবিদ্যালয়ৰ ছাত্ৰৰ লগত তৰ্কযুদ্ধৰ সূত্ৰপাত হৈ পৰৱৰ্তী সময়ত ৰণাংগনলৈ পৰিণত হয় খেলপথাৰখন । মহাবিদ্যালয়খনত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা খেলৰ পুৰস্কাৰ লাভ কৰাক লৈ দুটা ফৈদৰ মাজত এই ঘটনা সংঘটিত হয় । ফলস্বৰূপে মহাবিদ্যালয়ৰ অধ্যক্ষই আজিৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে বন্ধ ঘোষণা কৰে  ।

উল্লেখযোগ্য যে ঐতিহাসিক মহাবিদ্যালয়খন অধ্যক্ষ ড৹ পলাশমণি শইকীয়া আজি চৰকাৰী কাৰ্যসূচীৰ বাবে গুৱাহাটীত আছিল বুলি তেওঁ জানিবলৈ দিয়ে  । মহাবিদ্যালয় সপ্তাহৰ আৰম্ভণিৰ দিনা অৰ্থাৎ বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে এক বৰ্ণাঢ্য সংস্কৃতিক শোভাযাত্ৰাৰে তেজপুৰ চহৰৰ লগতে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ বাৰ ঘণ্টাৰ পিচত আজি মাৰপিটৰ ঘটনা সংঘটিত হয় । ফলত মহাবিদ্যালয়খনৰ অধ্যক্ষই আজিৰ সকলো কাৰ্যসূচী বাতিল কৰে ।

লগতে পঢ়ক: দৰং মহাবিদ্যালয়ৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা চাই বিমুগ্ধ সকলো

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.