দৰং মহাবিদ্যালয়ৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা চাই বিমুগ্ধ সকলো

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 9:31 PM IST

thumbnail

তেজপুৰ, ৭ ফেব্ৰুৱাৰী : উত্তৰ অসমৰ ঐতিহাসিক শিক্ষানুষ্ঠান দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলে মহাবিদ্যালয় সপ্তাহ উপলক্ষে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই আজি সকলোকে মুগ্ধ কৰে ৷ অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ লগতে লোককৃষ্টি, পৰম্পৰা আৰু ঐতিহ্য প্ৰদৰ্শনৰে উলিওৱা এই শোভাযাত্ৰাৰ বিষয়বস্তুৱে ৰাইজক আকৰ্ষণ কৰে ৷ অসমীয়া বাৰ মাহ আৰু ছয় ঋতুৰ বৰ্ণনা কৰি দেখুওৱা পৰম্পৰাৰ লগতে সাহিত্যৰ নৱৰস দৰ্শন শাস্ত্ৰৰ বিভিন্ন সূত্ৰৰ লগতে ভিন্ন সামাজিক সমস্যা আৰু লোকাচাৰ আছিল অন্যতম আকৰ্ষণ ৷

মহাবিদ্যালয় সপ্তাহ উপলক্ষে উলিওৱা দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাটোত একেদৰে ঊষা-অনিৰুদ্ধৰ প্ৰণয়, হৰি-হৰৰ যুদ্ধৰ লগতে বিভিন্ন সত্ৰৰ প্ৰতীকপট আৰু তেজপুৰৰ ঐতিহ্য ক্ষেত্ৰৰ প্ৰদৰ্শনৰ উপৰি জোতিপ্ৰসাদৰ নাটক তথা ইংৰাজী নাটকৰ দৃশ্যাংশ উপস্থাপন কৰা হয় শোভাযাত্ৰাটোত ৷

লগতে পঢ়ক:মাতৃভাষা মাধ্যম বিতৰ্ক: সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী, নলবাৰী, মৰিগাঁৱত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.