মুখ্যমন্ত্ৰীৰ সঁহাৰিৰ বাবেই স্থগিত চৰাইদেউ জিলা বন্ধ কাৰ্যসূচী - Charaideo Maidam

🎬 Watch Now: Feature Video

thumbnail
চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ দাবী সমিতি (undefined)

By ETV Bharat Assamese Team

Published : February 25, 2024 at 4:48 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ, ২৫ ফেব্ৰুৱাৰীঃ অসম বিধানসভাৰ বাজেট অধিৱেশন চলি থকা সময়তে ঐতিহাসিক চৰাইদেউ জিলা বন্ধ ঘোষণা কৰাই কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছিল । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ সঁহাৰিৰ প্ৰতি সন্মান জনাই ২৬ ফেব্ৰুৱাৰীৰ চৰাইদেউ জিলা বন্ধ কাৰ্যসূচী স্থগিত ঘোষণা কৰা হৈছে । বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে আজি সংবাদমেলৰ জৰিয়তে এই বিষয়ে সদৰী কৰিছে ।

চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্তিৰে জিলাৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মাৰ্চৰ প্ৰথম সপ্তাহত আলোচনাত বহিব বুলি সদৰী কৰিছে কেবিনেট মন্ত্ৰী যোগেন মহনে । ইয়াৰ পিচতেই এই বন্ধ কাৰ্যসূচী স্থগিত ৰখা বুলি কয় চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ দাবী সমিতিৰ বিষয়ববীয়া সকলে । উক্ত আলোচনাত যদি ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰা নহয় তেনেহ'লে ১২ আৰু ১৩ মাৰ্চত ৪৮ ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ দিয়া হ'ব বুলি বুৰঞ্জীপ্ৰসিদ্ধ চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে সকীয়াই দিছে ।

উল্লেখযোগ্য যে চৰাইদেউ জিলাত থকা ঐতিহাসিক সম্পদৰাজীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান লাভৰ দিশে আগবঢ়িছে । কিন্তু চৰাইদেউক জিলা ঘোষণা কৰাৰ আঠ বছৰ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত জিলাখনৰ সীমা নিৰ্ধাৰণকে ধৰি বৰ্তমানেও চৰাইদেউ মৈদাম ক্ষেত্ৰ আজিকোপতি চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নোহোৱাৰ প্ৰতিবাদত ২৬ ফেব্ৰুৱাৰীত ১২ ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছিল বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে ।

লগতে পঢ়ক: ২৬ ফেব্ৰুৱাৰীত ১২ ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ ঘোষণা

ABOUT THE AUTHOR

...view details