২৬ ফেব্ৰুৱাৰীত ১২ ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ ঘোষণা

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 9:53 PM IST

thumbnail

ডিব্ৰুগড়, 20 ফেব্ৰুৱাৰী: চৰাইদেউ জিলাত থকা ঐতিহাসিক সম্পদৰাজিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান লাভৰ দিশে আগবঢ়িছে । কিন্তু চৰাইদেউক জিলা ঘোষণা কৰা আঠটা বৰ্ষ উকলি যোৱাৰ পিচতো আজি পৰ্যন্ত জিলাখনৰ সীমা নিৰ্ধাৰণকে ধৰি বৰ্তমানেও চৰাইদেউ মৈদামক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নহ’ল ৷

সেয়েহে ২৬ ফেব্ৰুৱাৰীত ১২ ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছে বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে । মঙলবাৰে আটাছুৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যালয়ত চৰাইদেউৰ বিভিন্ন দল-সংগঠনৰ উপস্থিতিত আয়োজিত সংবাদমেলত  চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে এই ঘোষণা কৰে ।

চৰকাৰে চৰাইদেউবাসীৰ দাবী পূৰণ নকৰিলে পুনৰ ১২ আৰু ১৩ মাৰ্চত ৪৮ ঘণ্টীয়া চৰাইদেউ জিলা বন্ধৰো হুংকাৰ দাবী সমিতিৰ । উল্লেখ্য যে চৰাইদেউ জিলাৰ বিধায়ক, সাংসদ, কেবিনেট মন্ত্ৰীৰ উপস্থিতিত ইয়াৰ পূৰ্বেই কেইবালানিও আলোচনা হৈছিল চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সৈতে ৷ কিন্তু উক্ত আলোচনাত কোনো ফল নধৰাত এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে ।

লগতে পঢ়ক: চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত চৰাইদেউৰ মথুৰাপুৰত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.