আক্ৰাছুৰ ১০০ ঘন্টীয়া অনশন ভংগ : সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে হ’ব আলোচনা

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 6:02 PM IST

thumbnail

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : চচলত চলি থকা সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ ১০০ ঘন্টীয়া অনশনস্থলীত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শনিবাৰে উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীসকলক পৃথক কমতাপুৰ আৰু কোচ ৰাজবংশীৰ জনজাতিকৰণৰ সমস্যা অতি সোনকালে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে ।

মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত অহা ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজাত জনতা ভৱনত মুখ্যমন্ত্ৰীৰে আলোচনা কৰিবলৈ আমন্ত্ৰণ জনায় আক্ৰাছুৰ নেতৃত্ববৰ্গক । লগতে মন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে পানী খুৱাই অনশন ভংগ কৰে অক্ৰাছুৰ অনশনকাৰীসকলৰ ।

মন্ত্ৰীৰ প্ৰতিশ্ৰুতিত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই অনশন কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে । ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ভাগ লৈ প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ দাবী জনাব বুলি সাংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

উক্ত দিনা কোচ ৰাজবংশীসকলৰ সমস্যাসমূহৰ স্থায়ী সমাধান নকৰিলে পুনৰ জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : উত্তাল কাৰ্বি পাহাৰ; জ্বলিল কংগ্ৰেছ নেতা দেৱব্রত শইকীয়াৰ পুত্তলিকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.