ৰাস্তাত উন্মুক্ত বৃহৎ গাঁত: সন্মুখত জীৱনটোক লৈ শংকা

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 1:13 PM IST

thumbnail

তিনিচুকীয়া, ২১ ফেব্ৰুৱাৰী : মঙলবাৰে নিশা তিনিচুকীয়াৰ ৰাজপথত সংঘটিত হয় এক অঘটন ৷ তিনিচুকীয়াৰ জি এন বি পথৰ পৰা শিৱবাৰী পথৰ প্ৰৱেশ পথত কালভাৰ্ট নিৰ্মাণৰ বাবে খান্দি ৰখা এটা বৃহৎ দ’ গাঁতত সোমাই পৰে এখন ব্যক্তিগত বাহন ৷ ফলত চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুগৰাকী আৰোহী ৷AS23 AD7655 নম্বৰৰ XUV 500 বাহনখন দ’ গাঁতত সোমাই পৰাত ততাতৈয়াকৈ স্থানীয় ৰাইজে বাহনখনৰ আৰোহীসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া মঞ্জিত দলে উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ ৷ কিন্তু কাৰ্যবাহী বিষয়াগৰাকীয়ে মন্তব্য কৰা অনুসৰি No Entry ৰ জাননী তেওঁলোকে দিছিল ৷ ৰাজপথত এটা বৃহৎ গাঁত খান্দি নিশাৰ ভাগত No Entry জাননী আৰু এডাল সৰু প্লাষ্টিকৰ ফিটা লগায়েই দায়িত্ব সামৰিলে বুলি এতিয়া ৰাইজৰ মাজত চৰ্চা চলিছে ৷লগতে পঢ়ক : গুৱাহাটীত উন্মুক্ত গাঁতে মাতিছে বিপদ: গাঁতত পৰিল মটৰচাইকেলসহ যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.