বিজেপিয়ে কোৱা শান্তিৰ কপৌজনী অসমলৈ অহা নাই: লুৰীণজ্যোতি গগৈ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 2:31 PM IST

thumbnail

তিনিচুকীয়া,৩১ মাৰ্চ: ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং মৌজাৰ ভিতৰুৱা গাঁও তথা চাহ বাগিচা অঞ্চলসমূহত অসম জাতীয় পৰিষদৰ দ্বাৰা প্ৰক্ষেপিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে প্ৰচাৰ অভিযান তুংগত তুলিছে ৷ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে সমষ্টিটোৰ প্ৰতিটো পঞ্চায়ত এলেকাত ৷

দিনে-নিশাই গাঁৱে-ভূয়ে তথা চাহ বাগিচা অঞ্চলত প্ৰচাৰ অভিযানত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে লুৰীণজ্যোতি গগৈক । নিৰ্বাচনী প্ৰচাৰ সভাৰ পাছতেই লুৰীণজ্যোতি গগৈয়ে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত শাসকীয় দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনাৰে থকা-সৰকা কৰে ।

গগৈয়ে কয়, "বহুতে কয় হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক হৰুৱাবলৈ আনিছে, কিন্তু মই বিশ্বাস নকৰো ।" আনহাতে, অসমৰ চাৰি জিলাত পুনৰ AFSPA প্ৰয়োগে বিজেপিয়ে কোৱা শান্তিৰ কপৌজনী অসমলৈ অহা নাই বুলি প্ৰমাণ কৰে বুলি উল্লেখ কৰে গগৈয়ে ।

লগতে পঢ়ক: লখিমপুৰত এঘড়ী যুজাৰ সংকল্প ৯ জন প্রার্থীৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.