লখিমপুৰত এঘড়ী যুজাৰ সংকল্প ৯ জন প্রার্থীৰ - Lok Sabha Election 2024
Lakhimpur Lok Sabha constituency: প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটাৰ আজি আছিল মনোনয়ন প্ৰত্যাহাৰৰ দিন । লখিমপুৰ সমষ্টিত মনোনয়ন দাখিল কৰা আৰু বৈধ বুলি বিবেচিত হোৱা ৯ জন প্রার্থীৰ এজনেও মনোনয়ন প্ৰত্যাহাৰ নকৰিলে । যাৰ বাবে এই নিৰ্বাচনত সমষ্টিটোত ৯ জন প্রার্থীয়ে এঘড়ী যুঁজিবলৈ সাজু হৈছে ।

Published : March 30, 2024 at 8:04 PM IST
লখিমপুৰ,৩০ মার্চ: লখিমপুৰত যুঁজিবলৈ সাজু ৯ জন প্রার্থী । এজনেও নকৰিলে মনোনয়ন প্ৰত্যাহাৰ । লখিমপুৰত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ সাজু ৯ জন প্রার্থী । প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি সমুহৰ অন্যতম সমষ্টি ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ন জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হয় । এই মনোনয়নসমূহ পুনৰীক্ষণ কৰি মনোনয়ন দাখিল কৰা ন জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি স্বীকৃতি দিয়াৰ পাচত আজি মনোনয়ন প্রত্যাহাৰৰ দিন আছিল ।
পিছে এজনেও মনোনয়ন প্রত্যাহাৰ নকৰিলে । যাৰ বাবে তেওঁলোকে নিৰ্বাচনত যুঁজিবই বুলি স্পষ্ট হৈ পৰিল । এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে বিজেপিৰ প্ৰদান বৰুৱা, কংগ্রেছৰ উদয় শংকৰ হাজৰিকা, তৃণমূল কংগ্ৰেছৰ ঘনকান্ত চুতীয়া, চিপিআইৰ ধীৰেণ কছাৰী, এছইউচিআইৰ পল্লৱ পেগু, ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ বীৰেণ বাইলুং আৰু তিনিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে গোবিন বিশ্বকৰ্মা, দেবনাথ পাইট আৰু বিক্ৰম ৰামচিয়াৰী ।
উল্লেখ্য, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহত মনোনয়ন পত্র প্ৰত্যাহাৰৰ অন্তিম দিন আছিল আজি ৩০ মাৰ্চৰ দিনটো । সেই অনুসৰি লখিমপুৰত মনোনয়ন দাখিল কৰা আৰু বৈধ হোৱা ন জন প্রার্থীয়ে মনোনয়ন প্ৰত্যাহাৰ নকৰাৰ বাবে ৯ জন প্রার্থীয়েই এঘড়ী যুঁজাৰ সংকল্প লোৱাটো পৰিস্কাৰ হৈ পৰিল । উল্লেখ্য সমষ্টিটোত যুঁজিবলৈ সাজু হোৱা প্ৰাৰ্থীসকলৰ বিজেপি, কংগ্রেছ, তৃণমূল, চিপিআই আদি প্ৰাৰ্থী সকলৰ দলীয় প্ৰতীক থকাৰ লগতে আন প্ৰাৰ্থী কেইজনৰ প্ৰতীক ঘোষণা কৰা হয় ।
সেই অনুসৰি এছইউচিআইৰ পল্লৱ পেগুক টৰ্চ লাইট, ভিপিআইৰ প্ৰাৰ্থী বীৰেণ বাইলুঙক গেছ চিলিণ্ডাৰ, নিৰ্দলীয় গোবিন বিশ্ব কৰ্মাক ট্ৰাক, দেৱনাথ পাইটক ফোৱাৰা আৰু বিক্ৰম ৰামচিয়াৰিক বেটচমেন প্ৰতীক প্ৰদান কৰা হয় । উল্লেখ্য অহা ১৯ এপ্ৰিলত সমষ্টিটোৰ ১৫ লাখ ৬৯ হেজাৰ, ৫৩১ জন ভোটাৰে এই ন জন প্রার্থীক কি ৰায় প্ৰদান কৰে সেয়া লক্ষ্যনীয় হ'ব ।
লগতে পঢ়ক: বড়োলেণ্ড অতিথিগৃহত বিজেপি-অগপ-ইউপিপিএলৰ যৌথ বৈঠক - Lok Sabha Election 2024

