বৰপেটা সত্ৰত দালানৰ সন্মুখত ঠিয় নামেৰে সামৰণি পৰিল বৈহাগৰ দোমাহী - Rongali Bihu 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 10:25 PM IST

thumbnail

বৰপেটা, ২০ এপ্ৰিল : সাত পুৰুষীয়া সত্ৰীয়া পৰম্পৰা অনুসৰি সাত দিনীয়াকৈ পালন কৰা বৰপেটা সত্ৰৰ ব'হাগ বিহুৰ আজি সামৰণি পৰে । চ'তৰ শেষ দিনটোৰ পৰা ব'হাগৰ ছয়দিনলৈ বৰপেটা সত্ৰত পালন কৰা হয় ব'হাগৰ দোমাহী বা বৈহাগৰ দোমাহী । বৰপেটা সত্ৰত ব'হাগৰ দোমাহীৰ অন্ত পৰাৰ পিচত আজি বৰপেটা সত্ৰৰ কৰাপাট (দালান)ৰ সমুখত বৰপেটাৰ ২২ খন হাটীৰ বাপুসকলে আয়োজন কৰে থিয়নাম ৷  

বৰপেটাৰ থুলহাটী তিনিখন হাটীৰ ক্ৰমে থুল দক্ষিণহাটী,থুল নহাটী আৰু থুল উত্তৰহাটীয়ে 'সমূহ'ৰ আজ্ঞা লৈ বৰশৰাই,বৰ চৰিয়া পাতি তিনিখনকৈ নামৰ থলী সজাই তোলে  ৷ এই নামৰ থলীতে বিভিন্ন হাটীৰ বাপুসকলে পৰিবেশন কৰে থিয়নাম ৷ অগণন ভক্তই সেই নামৰ থলীত গুড়,চেনী,গুৱামুৰি আদি নৈবদ্য স্বৰূপে আগবঢ়াই সেৱা জনায় ৷ 

ৰীতি পৰম্পৰা আৰু বিশ্বাস অনুসৰি বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ ব'হাগ মাহৰ আৰম্ভনীতে গুড় আৰু গুৱামুৰি সেৱন কৰে বৰপেটাৰ ৰাইজে । সেয়েহে অতিজৰে পৰা চলি অহা পৰম্পৰা অনুসৰি গুৰ আৰু গুৱামুৰি শৰাইত আগবঢ়ায় প্ৰাৰ্থনা জনাই আহিছে বৰপেটাবাসীয়ে ।

লগতে পঢ়ক:বৰপেটাৰ পাটবাউসী সত্ৰত দধিমথন উৎসৱ - DADHIMATHAN FESTIVAL

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.