মৰাণত ৰাজ্যিক সভাপতিৰ উপস্থিতিত চাৰি জিলাৰ নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কত বিজেপিৰ পৰ্যালোচনা সভা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
মৰাণত ৰাজ্যিক সভাপতিৰ উপস্থিতিত বিজেপিৰ পৰ্যালোচনা সভা (undefined)

By ETV Bharat Assamese Team

Published : March 30, 2024 at 4:19 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 30 মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ প্ৰস্তুত কৰিছে ৰণ নীতি ৷ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ 5 টা সমষ্টিক লৈ শনিবাৰে উজনিৰ চাৰিখন জিলাৰ দলৰ নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কে এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ মৰাণ প'ল' ক্লাৱত অনুষ্ঠিত হোৱা এই সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী যোগেন মহন, উজনিৰ চাৰি জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বিজেপিৰ সভাপতিসকলৰ লগতে দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷

পৰ্যালেচনা সভাখনত যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ লোকসভা সমষ্টিত দলৰ নিৰ্বাচনী প্ৰচাৰ আৰু অগ্ৰগতি সম্পৰ্কত আলোচনা হয় ৷ তদুপৰি 5 এপ্ৰিলত ডিব্ৰুগড় লোকসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু একে দিনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ডিব্ৰুগড়লৈ আগমনৰ সম্পৰ্কতো সভাত আলোচনা হয় ৷ সভাত অংশগ্ৰহণৰ পাচতে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ'বলগীয়া পাঁচটা সমষ্টিতে বিজেপি দলৰ প্ৰাৰ্থী বিপুল ভোটত বিজয়ী হ'ব বুলি দাবী কৰে ৷

লগতে পঢ়ক : মুখ্যমন্ত্রী-গৃহমন্ত্ৰীৰ ভাষণত পতিয়ন নাযায় লখিমপুৰৰ ৰাইজ: উদয় শংকৰ হাজৰিকা - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details