বিশ্বনাথত বিজেপিৰ পথযাত্ৰাত ৰঞ্জিত দত্তই ক'লে- বিজয় নিশ্চিত - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:40 PM IST

thumbnail

বিশ্বনাথ, ১৬ এপ্ৰিল : ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত অহা ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ তিনি দিন । বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই মঙলবাৰে প্ৰচাৰ অভিযান চলায় । 

বিশ্বনাথ চাৰিআলিৰ চন্দ্ৰপুৰ বাকৰিৰ পৰা বিশ্বনাথ নগৰ হৈ পদযাত্ৰাৰে চলাই এই প্ৰচাৰ অভিযান । এই প্ৰচাৰ অভিযাত অংশগ্ৰহণ কৰে বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগতে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ।

ইফালে, বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই কয়," আমাৰ কোনো প্ৰতিদ্বন্দ্বী নাই শোণিতপুৰত । প্ৰতিদ্বন্দ্বী আছে বিধায়কৰ মাজত আৰু সমষ্টিৰ পৰা কোনে বেছি ভোট দিব সেই লৈ প্ৰতিদ্বন্দ্বিতা হৈছে । "

লগতে পঢ়ক:জাহাজৰ চিহ্নতে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব দুলু আহেমেদে: মনোনয়ন দাখিল - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.