ETV Bharat / politics

জাহাজৰ চিহ্নতে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব দুলু আহেমেদে: মনোনয়ন দাখিল - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 6:25 PM IST

Dulu Ahmed files nomination
Lok Sabha election 2024

Dulu Ahmed files nomination: প্ৰায় এক লাখ ভোটত জয়ী হোৱাৰ প্ৰত্যাশাৰে মনোনয়ন দাখিল দুলু আহমেদৰ । বৰপেটাৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব দুলু আহমেদে ।

দুলু আহেমেদৰ মনোনয়ন দাখিল

বৰপেটা, ১৬ এপ্ৰিল: মঙলবাৰে বৰপেটাত জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে দুলু আহমেদে । অহা ৭ মে'ত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দুলু আহমেদে । নিৰ্দলীয়ভাৱে জাহাজৰ প্ৰতীকতেই নিৰ্বাচন খেলাৰ মন মেলা দুলু আহমেদ আত্মবিশ্বাসী বিপুল ভোটত জয়ী হ'ব বুলি । মনোনয়ন দাখিলৰ সময়ত দুলু আহমেদক সংগ দিয়ে কণ্ঠশিল্পী ভৃগু কাশ্যপেও ।

সাংবাদিকৰ সমুখত দুলু আহমেদে কয় যে বৰপেটাত মূল যুঁজখন হ'ব মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আৰু তেওঁৰ মাজত । কংগ্ৰেছ আৰু চি পি আই এম ফেক্টৰ নহয় বুলি উল্লেখ কৰে আহমেদে । তেওঁ কয়, "ফণীভূষণ চৌধুৰী আৰু মোৰ মাজত যুঁজ হ'ব ৷ একলাখ ভোটৰ ব্যৱধানত মই জয়লাভ কৰিম ৷ ফণীভূষণ চৌধুৰীলৈ মোৰ দুখ লাগিছে ৷ জোৰ জবৰদস্তি এনাৰ্জি ড্ৰিংকচ খুৱাই খুৱাই তেওঁক নিৰ্বাচনত নমাইছে ৷ তেওঁৰ নিৰ্বাচন খেলাৰ অকণো ইচ্ছা নাই । কংগ্ৰেছ, অগপ, বিজেপি সকলো দলৰে মূল টাৰ্গেট হৈ পৰিছোঁ মই ৷ বৰপেটাত চি পি আই এম, কংগ্ৰেছ কোনো ফেক্টৰেই নহয় ৷"

ইফালে নিৰ্বাচনত যিহেতু ভোটৰ চিহ্ন গুৰুত্বপূৰ্ণ দুলু আহমেদে জাহাজৰ চিহ্নতেই নিৰ্বাচন খেলাৰ কথা উল্লেখ কৰিছে । মন কৰিবলগীয়া যে জাহাজ হৈছে অসম জাতীয় পৰিষদৰ চিহ্ন । কিছুদিন আগলৈকে দুলু আহমেদ অজাপৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল যদিও লুৰীণজ্যোতি গগৈৰে মনোমালিন্য হোৱাৰ বাবে তেওঁ অব্যাহতি লয় দলীয় বিষয়বাবৰ পৰা ।

কিন্তু তথাপিও জাহাজৰ ছবিতেই নিৰ্বাচন খেলিব বুলি উল্লেখ কৰি তেওঁ কয় যে লুৰীণজ্যোতি গগৈ জাহাজৰ মালিক নহয় । লুৰীণৰ জাহাজ ডুবিব, দুলু আহমেদৰ জাহাজে পাৰ পাব ৷ কংগ্ৰেছৰ 90% নেতাই মুখ্যমন্ত্ৰীৰ গোলামী কৰি আছে বুলিও মন্তব্য কৰে দুলু আহমেদে ৷ বৰপেটাত তেৱেঁই শেষ হাঁহি মাৰিব বুলি কয় নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ।

লগতে পঢ়ক: ৰঞ্জিত দত্তক সহায় কৰি আহিছে প্ৰেমলাল গঞ্জুৱে: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.