ETV Bharat / politics

ৰঞ্জিত দত্তক সহায় কৰি আহিছে প্ৰেমলাল গঞ্জুৱে: মুখ্যমন্ত্ৰী - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 4:04 PM IST

BJP election campaign: শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত অভিলেখ সংখ্যক ভোটত জয়ী হ'ব বুলি দাবী মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । বিজেপিক প্ৰেমলাল গঞ্জুৱে সহায় কৰা বুলি দাবী ।

BJP election campaign
Lok Sabha election 2024

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভা

বিশ্বনাথ, ১৬ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব অহা ১৯ এপ্ৰিলত । বুধবাৰে অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান । ইতিম্যধে ৰাজনৈতিক দলসমূহে সমষ্টিয়ে সমষ্টিয়ে ব্যাপক প্ৰচাৰ অভিযান চলোৱা দেখা গৈছে । শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ সমষ্টিটোত তৃতীয়বাৰলৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । মঙলবাৰে সমষ্টিটোৰ অন্তৰ্গত বিহালী বিধানসভা সমষ্টিৰ ব্ৰহ্মাজানত উপস্থিত হয় মুখ্যমন্ত্ৰী ।

ব্ৰহ্মাজান বাগিচাৰ খেলপথাৰত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে অভিলেখ সংখ্যক ভোটত জয়ী হ'ব ৰঞ্জিত দত্ত । ৰঞ্জিত দত্তক লগত লৈ সমষ্টিটোৰ সকলো সমস্যা সমাধানৰ বাবে অচিৰেই বাট মোকলোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে ।

ইফালে মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে বিৰোধী প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে যোৱাটো বিধানসভা নিৰ্বাচনলৈকে গোপনে ৰঞ্জিত দত্তক সহায় কৰি আহিছিল । এইবাৰ গঞ্জুৱে প্ৰথমবাৰৰ বাবে নিজৰ ভোটটো কংগ্ৰেছত দিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত এতিয়া বাছ আস্থানৰ দৰেই প্ৰায় সকলো স্থানতে বিমান বন্দৰ হৈছে, জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় হৈছে । অহা সাত-আঠ মাহৰ ভিতৰত বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ৰ কামো আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে অসমত এতিয়া পানীৰ তলেৰে সুৰংগ পথ নিৰ্মাণ হ'ব । গহপুৰৰ পৰা গোলাঘাটৰ নুমলীগড়লৈ ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে অহা পাঁচ বছৰৰ ভিতৰত এক সুৰংগ পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অসমবাসীক উপহাৰ দিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে মহিলা সকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কৰ্কট ৰোগ নিৰাময়ৰ উদ্দেশ্যে মহিলাসকলক শীঘ্ৰে এক প্ৰতিষেধক চৰকাৰীভাৱে প্ৰদান কৰা ব্যৱস্থাৰ বিষয়ে তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: আজি বিয়লি মোদীময় হৈ পৰিব গুৱাহাটী মহানগৰী : ব্যাপক আয়োজন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.