ETV Bharat / state

আজি বিয়লি মোদীময় হৈ পৰিব গুৱাহাটী মহানগৰী : ব্যাপক আয়োজন - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 12:10 PM IST

PM Modi Assam Visit : দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ নৰেন্দ্ৰ মোদী । আজি বিয়লি বৰঝাৰৰ বিমান বন্দৰত উপস্থিত হৈ জি এছ ৰোডেৰে কইনাধৰালৈ যাব প্ৰধানমন্ত্রী মোদী । নিশাটো কইনাধৰাৰ চৰকাৰী অতিথিশালাত কটাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে পুৱা ১০.৩০ বজাত অংশ ল'ব নলবাৰীত এখন নির্বাচনী প্ৰচাৰ সভাত । গুৱাহাটীত প্ৰধানমন্ত্রীৰ অনানুষ্ঠানিক ৰোড শ্ব' । প্ৰধানমন্ত্রীৰ যাত্রাপথত বাঁহৰ বেৰিকেড । ৰাইজৰ অভিবাদন গ্ৰহণ কৰিব প্ৰধানমন্ত্রীয়ে । যান-বাহনৰ চলাচলত ব্যাপক সাল-সলনি ।

আজি বিয়লি মোদীময় হৈ পৰিব গুৱাহাটী মহানগৰী : ব্যাপক আয়োজন
আজি বিয়লি মোদীময় হৈ পৰিব গুৱাহাটী মহানগৰী : ব্যাপক আয়োজন

গুৱাহাটী, ১৬ এপ্ৰিল : ৰাজ্যৰ সৰ্বত্র এতিয়া ৰঙালী বিহুৰ উচাহৰ মাজতে লোকসভা নিৰ্বাচনৰ উত্তাপ । লোকসভা নিৰ্বাচনীৰ এই উত্তাপক আৰু অধিক তীব্ৰতৰ কৰি নিৰ্বাচনী ৰণদুণ্ডুভি বজাবলৰে আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আজি সন্ধিয়া ৭ বজাত বিশেষ বিমানযোগে গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত অৱতৰণ কৰি প্ৰধানমন্ত্রী মোদীয়ে জি এছ ৰোডেৰে আহি উপস্থিত হ'ব কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত ।

১৭ এপ্রিলত নলবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ'বলগীয়া বিশাল জনসভাক সম্বোধন কৰিব প্রধানমন্ত্ৰীয়ে । বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব মোদীয়ে । উল্লেখ্য যে আজি সন্ধিয়া জি এছ ৰোডেৰে কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত পথৰ দুয়োকাষে ৰাইজে প্ৰধানমন্ত্রীক অভিবাদন জনাব । প্রধানমন্ত্রীয়ে কোনো ফর্মেল ৰোড শ্ব' নকৰে বুলি ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে যদিও প্ৰধানমন্ত্রীৰ যাত্রাপথক বিশেষভাৱে সজাই তোলাৰ লগতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

প্ৰধানমন্ত্রী পাৰ হৈ যোৱা সময়ত ফুটপাথৰ পৰা ৰাইজে অভিবাদন জনাবৰ বাবে বেৰিকেটৰ ব্যৱস্থা কৰা হৈছে । লক্ষণীয় বিষয় যে আনুষ্ঠানিক ৰোড শ্ব' নহয় বুলি মুখ্যমন্ত্ৰীয়ে ক'লেও প্রধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বিমান বন্দৰৰ পৰা কইনাধৰালৈ পথৰ কাষত তৈয়াৰ কৰা হৈছে বাঁহৰ বেৰিকেড । আজি নিশাটো কইনাধৰাৰ চৰকাৰী অতিথিশালাত কটাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে পুৱা ১০.৩০ বজাত নলবাৰীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশ ল'ব ।

নলবাৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৰকুৰাত বৰপেটা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভোটাৰক সম্বোধন কৰিব । মোদীৰ এই সভাত কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি সমষ্টিৰ ভোটাৰো উপস্থিত থাকিব বুলি বিজেপি সূত্ৰই সদৰী কৰিছে ।

উল্লেখ্য যে, অসমত বিজেপি-মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰচাৰ চলোৱাৰ বাবে বিজেপিয়ে ইতিমধ্যে ৪০জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা ৰাজহুৱা কৰিছে । ষ্টাৰ কেম্পেইনাৰৰ তালিকাত প্রধানমন্ত্রী মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি ১৯ জন কেন্দ্রীয় নেতাক স্থান দিছে ।

বুধবাৰে নলবাৰীত প্রধানমন্ত্ৰীৰ সভাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ নেত্রী প্রিয়ংকা গান্ধীয়ে গৌৰৱ গগৈৰ হৈ তিতাবৰত ৰোড শ্ব' আৰু নির্বাচনী সভাত অংশ ল'ব । ইফালে নৰেন্দ্ৰ মোদীৰ পাছতেই বৃহস্পতিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মিত্রদল ইউ পি পি এলৰ প্ৰাৰ্থীৰ হৈ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আন এখন নির্বাচনী প্ৰচাৰ সভাত অংশ ল'ব । আনহাতে প্রধানমন্ত্ৰীৰ আগমন উপলক্ষে আজি বিয়লি ৩ বজাৰ পৰা নিশা ১০ বজালৈ মহানগৰীৰ কেইবাটাও পথত সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে । এক কথাত আজি সন্ধিয়া গুৱাহাটীৰ ৰাজপথ মোদীময় হৈ পৰিব ।

লগতে পঢ়ক : 16 এপ্ৰিলত যোৰহাটলৈ আহিব প্ৰিয়ংকা গান্ধী: ৰাহুল গান্ধীৰ আগমনৰ খবৰ অস্পষ্ট - Lok Sabha Election 2024

ইয়াৰ বাবে চৰকাৰ-প্ৰশাসনৰ উপৰি দলীয় নেতা-কৰ্মী বিশেষভাৱে তৎপৰ হৈ আছে । জি এছ ৰোডৰ এটা ফালে প্ৰধানমন্ত্ৰীৰ বিশাল কনভয় আগুৱাই যোৱাৰ বিপৰীতে আনটো ফালে বিজেপিৰ সমৰ্থকসকল থাকিব । সন্ধিয়া ৬ বজাৰ পৰা জি এছ ৰোডত এবিচি পইণ্টৰ পৰা অসম সচিবালয়ৰ সন্মুখলৈ সম্পূৰ্ণৰূপে যান-বাহন চলাচল বন্ধ কৰি দিয়া হ'ব যদিও ইয়াৰ ২ ঘণ্টাৰ আগৰে পৰা অৰ্থাৎ বিয়লি ৪ বজাৰ পৰা জি এছ ৰোডৰ উক্ত পথছোৱাত ৱান-ৱে কৰি দিয়া হ'ব ।

গুৱাহাটী আৰক্ষীৰ আয়ুক্তালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি মঙলবাৰে আবেলি ৩ বজাৰ পৰা গুৱাহাটীত বাণিজ্যিক যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । তদুপৰি এই সময়ছোৱাত ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড আৰু জি এছ ৰোডতো বাণিজ্যিক যানবাহন চলাচল কৰিব নোৱাৰিব । একেদৰে আবেলি ৩ বজাৰ পৰা নিশা ১০ বজালৈ ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোডত মন্থৰ গতিৰ বাহনৰ চলাচলতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

একেদৰে সংশ্লিষ্ট পথ কেইটাত চলাচল কৰা এ এছ টি চি আৰু ব্যক্তিগত চিটিবাছসমূহকো নিয়ন্ত্রণ কৰা হ'ব । অৱশ্যে জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহ'ব । এক কথাত প্ৰধানমন্ত্রী মোদীক আদৰণি জনোৱাৰ বাবে বিশাল আয়োজন কৰা হৈছে ।

লগতে পঢ়ক : আজি অসমলৈ আহি আছে মোদী আৰু প্ৰিয়ংকা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.