জন্মদিনত দীপালী বৰঠাকুৰ-নীলপৱন বৰুৱাৰ নামত পথৰ নামকৰণ - চিত্ৰশিল্পী নীলপৱন বৰুৱা

🎬 Watch Now: Feature Video

thumbnail
কোকিল কণ্ঠী গায়িকা দিপালী বৰঠাকুৰ (undefined)

By ETV Bharat Assamese Team

Published : January 30, 2024 at 5:01 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ৩০ জানুৱাৰী: কোকিলকণ্ঠী গায়িকা প্ৰয়াত দীপালী বৰঠাকুৰৰ আজি জন্ম জয়ন্তী । ১৯৪১ চনত জন্ম লাভ কৰা কণ্ঠশিল্পী গৰাকীৰ আজি  ৮৩ সংখ্যক জন্ম জয়ন্তী । এই উপলক্ষে বেলতলা সৌৰভ নগৰস্থিত বাসগৃহত গুণমুগ্ধ সকলে পালন কৰে শিল্পীগৰাকীৰ এই বিশেষ দিনটো । দিপালী বৰঠাকুৰৰ ছবিত মাল্যাৰ্পণ কৰি  ৰাইজে তেওঁক স্মৰণ কৰে । আজিৰ এই বিশেষ দিনটোতেই বৃহত্তৰ বশিষ্ঠ আঞ্চলিক উন্নয়ন সমন্বয়ৰক্ষী সমিতিয়ে বশিষ্ঠ অঞ্চলৰ দুটি পথ কণ্ঠশিল্পী দীপালী বৰঠাকুৰ আৰু চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নামেৰে নামাংকৃত কৰে । এই সিদ্ধান্তত আনন্দিত পৰিয়ালৰ লোকৰ লগতে গুণমুগ্ধসকল ।

১৯৪৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে গায়িকা ৰূপে আত্মপ্ৰকাশ কৰিছিল । উল্লেখ্য় যে মইনা-মেলৰ জৰিয়তে গায়িকাৰূপে আত্মপ্ৰকাশ কৰা দীপালী বৰঠাকুৰে ১৯৫৬ চনত সংগীত নাটক একাডেমীয়ে আয়োজন কৰা সংগীত প্ৰতিযোগিতাত শ্ৰেষ্ঠ সংগীত শিল্পীৰ খিতাপ লাভ কৰিছিল । সংগীতৰ ক্ষেত্ৰখনত আগুৱাই যোৱাৰ সময়তেই ১৯৬৮ চনত ২৭ বছৰ বয়সত তেওঁৰ শৰীৰত ধৰা পৰিছিল মটৰ নিউৰণ ৰোগ । ১৯৭৬ চনত তেওঁ বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় ।

লগতে পঢ়ক:তিনিচুকীয়াত আওপুৰণি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰেই চলিছে জৰুৰী সেৱা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details