জন্মদিনত দীপালী বৰঠাকুৰ-নীলপৱন বৰুৱাৰ নামত পথৰ নামকৰণ

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 5:01 PM IST

thumbnail

গুৱাহাটী, ৩০ জানুৱাৰী: কোকিলকণ্ঠী গায়িকা প্ৰয়াত দীপালী বৰঠাকুৰৰ আজি জন্ম জয়ন্তী । ১৯৪১ চনত জন্ম লাভ কৰা কণ্ঠশিল্পী গৰাকীৰ আজি  ৮৩ সংখ্যক জন্ম জয়ন্তী । এই উপলক্ষে বেলতলা সৌৰভ নগৰস্থিত বাসগৃহত গুণমুগ্ধ সকলে পালন কৰে শিল্পীগৰাকীৰ এই বিশেষ দিনটো । দিপালী বৰঠাকুৰৰ ছবিত মাল্যাৰ্পণ কৰি  ৰাইজে তেওঁক স্মৰণ কৰে । আজিৰ এই বিশেষ দিনটোতেই বৃহত্তৰ বশিষ্ঠ আঞ্চলিক উন্নয়ন সমন্বয়ৰক্ষী সমিতিয়ে বশিষ্ঠ অঞ্চলৰ দুটি পথ কণ্ঠশিল্পী দীপালী বৰঠাকুৰ আৰু চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নামেৰে নামাংকৃত কৰে । এই সিদ্ধান্তত আনন্দিত পৰিয়ালৰ লোকৰ লগতে গুণমুগ্ধসকল ।

১৯৪৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে গায়িকা ৰূপে আত্মপ্ৰকাশ কৰিছিল । উল্লেখ্য় যে মইনা-মেলৰ জৰিয়তে গায়িকাৰূপে আত্মপ্ৰকাশ কৰা দীপালী বৰঠাকুৰে ১৯৫৬ চনত সংগীত নাটক একাডেমীয়ে আয়োজন কৰা সংগীত প্ৰতিযোগিতাত শ্ৰেষ্ঠ সংগীত শিল্পীৰ খিতাপ লাভ কৰিছিল । সংগীতৰ ক্ষেত্ৰখনত আগুৱাই যোৱাৰ সময়তেই ১৯৬৮ চনত ২৭ বছৰ বয়সত তেওঁৰ শৰীৰত ধৰা পৰিছিল মটৰ নিউৰণ ৰোগ । ১৯৭৬ চনত তেওঁ বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় ।

লগতে পঢ়ক:তিনিচুকীয়াত আওপুৰণি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰেই চলিছে জৰুৰী সেৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.