ETV Bharat / state

তিনিচুকীয়াত আওপুৰণি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰেই চলিছে জৰুৰী সেৱা

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 2:27 PM IST

Fire news of Tinsukia:তিনিচুকীয়াৰ নিউ মাৰ্কেটত ৪৮ ঘণ্টাৰ পাছতো সম্পূৰ্ণ নিৰ্বাপিত হোৱা নাই জুই ৷ আওপুৰণি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ বাবেই বিধ্বংসী ৰূপ লয় অগ্নিকাণ্ডই ৷

Fire news of Tinsukia
তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড

তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড

তিনিচুকীয়া, ৩০ জানুৱাৰী: বাণিজ্যিক চহৰ তিনিচুকীয়াৰ নিউ মাৰ্কেটত দেওবাৰে নিশা সংঘটিত হোৱা অগ্নিকাণ্ডৰ আজি ৪৮ ঘণ্টা সময় উকলি যোৱাৰ পাছতো সম্পূৰ্ণ নিৰ্বাপিত হোৱা নাই জুই ৷ এতিয়াও অবিৰতভাৱে তিনিচুকীয়াৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ৷ সমান্তৰালভাৱে জিলা প্ৰশাসনে সোমবাৰে ঘোষণা কৰিছে প্ৰৱেশ নিষিদ্ধ এলেকা ৷

ইফালে, আজি ঘটনাস্থলীত উপস্থিত হৈ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে । তেওঁ ব্যৱসায়ীসকলৰ পৰা ক্ষয়-ক্ষতিৰ বুজ লয় । মন্ত্ৰীগৰাকীৰ উপস্থিতিতে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলে ক্ষোভ উজাৰিলে আওপুৰণি অগ্নিনিৰ্বাপক বাহিনীৰ বিৰুদ্ধে । পৰৱৰ্তী সময়ত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে তিনিচুকীয়াৰ আওপুৰণি অগ্নিনিৰ্বাপক বাহিনীৰ ব্যৱস্থাক আধুনীকিকৰণ কৰাৰ আশ্বাস প্ৰদান কৰে । তেওঁ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সমগ্ৰ বিষয়টো উপস্থাপন কৰিব বুলি ৰাইজক আশ্বাস দিয়ে ।

উল্লেখযোগ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ততাতৈয়াকৈ ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও এখনৰ পৰা পানীয়েই নোলাল । আৰু এখনৰ পৰা মাত্ৰ ৫ মিনিট সময় পানী মৰাৰ পাছতে শেষ হৈ যায় যাৰ বাবে অগ্নিয়ে বিধ্বংসী ৰূপ লয় বুলি ক্ষোভেৰে কয় স্থানীয় ব্য়ৱসায়ীসকলে ৷ ২২ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ হয় যদিও ১৪ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ভস্মীভূত হয়,য'ত কেইবা কোটি টকাৰ সম্পত্তি জাহ যায় ৷ পৰৱৰ্তী সময়ত দিনজান সেনা শিৱিৰ, দিনজান বিমান বাহিনী, দুলীয়াজানৰ অইল আৰু ডিগবৈৰ আই অ' চিৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়েহে জুই কিছু নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক:ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.