ETV Bharat / state

ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 2:00 PM IST

Poor communication in Dibrugarh:থৰক বৰক ভগা দলঙৰ ওপৰেৰে বিপদসংকুল । যাতায়তত দুৰ্ভোগ ভুগিবলগীয়া হৈছে দুলীয়াজনৰ কেইবাখনো গাঁৱৰ ৰাইজে । আজিও ডিব্ৰুগড়ৰ দুলীয়াজান সমষ্টিক ঢুকি নাপালে উন্নয়নে ।

Poor communication in Dibrugarh
বিপদসংকুল যাতায়ত

বিপদসংকুল যাতায়ত

মৰাণ, ৩০ জানুৱাৰী : ৰাজ্যৰ চৌদিশে এতিয়া চলিছে উন্নয়নৰ ৰঙীণ বিজ্ঞাপন । ৰাজ্যখনৰ পৰা সমস্যা প্ৰায়ে নোহোৱা হোৱা বুলি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ পৰা মন্ত্ৰী-বিধায়ক সকলোৰে মুখে মুখে । দেশৰ পাঁচখন উন্নয়ন ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই এখনৰ পাছত আন এখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে । তেনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টি দুলীয়াজানত উন্নয়নৰ ফোঁপোলা স্বৰূপ ।

উন্নয়নৰ ঢাক-ঢোল বজাই থকা বিজেপি চৰকাৰৰ দিনত থৰক বৰক ভগা দলঙৰ ওপৰেৰে বিপদসংকুল ভাৱে বছৰৰ পাছত বছৰ যাতায়ত কৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে দুলীয়াজনৰ কেইবাখনো গাঁৱৰ ৰাইজে । ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টি দুলীয়াজানৰ বাচমতীয়া চাহ বাগিচাৰ ১২ নং লাইনত থকা এখন বাঁহৰ দলঙৰ ওপৰতে ভৰসা কৰিয়েই যাতায়ত কৰিব লগা হৈছে ৰাইজে । এখন ভগা থৰক বৰক ভগা বাঁহৰ দলঙৰ ওপৰেৰে দৈনিক হাট- বজাৰ, বিদ্যালয়, চিকিৎসালয়লৈ যাব লগা হয় স্থানীয় ৰাইজ ।

দৈনিক ৰোগী,ছাত্ৰ -ছাত্ৰী সকল দলঙখনৰ ওপৰেৰে অহা যোৱা কৰোতে বহু দুৰ্ঘটনা হৈ কেইবাগৰাকীও আহত হোৱাৰ সমান্তৰালকৈ মৃত্যু পৰ্যন্ত হৈছে । দলঙখন পকী কৰি নিৰ্মাণ কৰি দিবলৈ গাঁৱৰ ৰাইজে বিধায়ক তেৰছ গোৱালা,সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীৰ ৰামেশ্বৰ তেলীক আৱেদন নিৱেদন কৰিছে যদিও আজি পৰ্যন্ত পোৱা নাই সুফল ।

স্বাধীনতাৰ ৭৭ বছৰ পিছতো ডিব্ৰুগড়ৰ দুলীয়াজান সমষ্টিত উন্নয়নৰ এনে দৃশ্যই এতিয়া চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিছে । ৰাইজে বিধায়ক তেৰছ গোৱালা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক কেইবাখনো গাঁৱৰ ৰাইজৰ যোগাযোগৰ একমাত্ৰ এই দলংখন পকীকৈ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে । পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত জনপ্ৰতিনিধি সকলে কেতিয়া ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ ব্যৱস্থা ল'ব সেইয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:অসমত ‘কা’ৰ কথা ক’লে ৰক্তাক্ত হ’ব ৰাজপথ, দল সংগঠনৰ সকিয়নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.