ETV Bharat / state

অসমত ‘কা’ৰ কথা ক’লে ৰক্তাক্ত হ’ব ৰাজপথ, দল সংগঠনৰ সকিয়নী

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 1:17 PM IST

Citizenship (Amendment) Act : নাগৰিকত্ব (সংশোধনী) আইনক লৈ জ্বলিব নেকি অসম ! কেন্দ্ৰীয় মন্ত্ৰী ঠাকুৰৰ মন্তব্যই উমি উমি জ্বলাইছে অসমক ৷

Union minister thakur on c a a enforcement are the organisations reaction
অসমত কা ৰ কথা ক’লে ৰক্তাক্ত হ’ব ৰাজপথ
অসমত কা ৰ কথা ক’লে ৰক্তাক্ত হ’ব ৰাজপথ

লখিমপুৰ, 30 জানুৱাৰী : দেওবাৰে পশ্চিমবংগত কেন্দ্রীয় মন্ত্রী শান্তনু ঠাকুৰে কৰা মন্তব্যক লৈ সৰৱ হৈ পৰিছে অসমৰ দল সংগঠন ৷ সাত দিনৰ ভিতৰত সমগ্ৰ দেশতে ‘কা’ বলবৎ কৰা হ’ব বুলি মন্তব্য কৰিছিল মন্ত্ৰী গৰাকীয়ে ৷ সেই বক্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে বিভিন্ন অৰাজনৈতিক সংগঠনসমূহ ।

অসমত কোনো কাৰণতে নাগৰিকত্ব (সংশোধনী) আইন মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদান কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নেতা হিৰণ্য দত্তই ৷ লখিমপুৰৰ পৰা হুংকাৰ দি দত্তই কয়, ‘‘ কা’ বিৰোধী স্থিতি পূৰ্বতেও আছিল বৰ্তমানেও আছে, ভৱিষ্যতলৈও থাকিব ৷ এয়া বিজেপি দলৰ এটা ৰাজনৈতিক কুজকাৱাজ ৷ হিন্দু বঙালী ভোটাৰক আকৰ্ষণৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে ৷’’

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা মনোজ কলিতাই কয়, ‘‘ চৰকাৰে সংখ্যাগৰিষ্ঠতাৰ সাহস দেখুওৱাই অহংকাৰী মনোভাৱেৰে যিমানে কথা কৈ নাথাকক কিয় অসমৰ ৰাইজে কেতিয়াও ‘কা’ মানি নলয় ৷ ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে যদি অসমত ‘কা’ জাপি দিয়াৰ কথা ক’লে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ’ব ৷’’

অসমীয়া যুৱ মঞ্চৰ নেতা চিৰঞ্জিৎ বৰদলৈয়ে কয়, ‘‘বহিৰাগত আৰু অবৈধ বাংলাদেশীৰ বাবে অসমত জনগাঁঠনি সলনি হৈ গৈছে ৷ কা’ বলবৎ কৰিলে সমগ্ৰ অসমতে ৰক্তাত পৰিৱেশৰ সৃষ্টি হ’ব ৷ প্ৰয়োজনত আমি গুলী পাতি ল’বলৈ সাজু হৈ আছো ৷ গুলী বুকুত পাতি লম তথাপিও অসমত ‘কা’ বলবৎ কৰিবলৈ নিদিওঁ ৷’’

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী ঠাকুৰৰ মন্তব্যৰ বিপৰীতে ‘কা’ কেতিয়াৰ পৰা বলবৎ কৰা হ’ব সেয়াও স্পষ্ট হোৱা নাই বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এজন বিষয়াই মন্তব্য কৰিছিল ৷ কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে যে, ‘কা’ বলবৎ কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কাৰ্যকৰী হ’ব CAA !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.